নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিংকি কাণ্ড : দোষ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা আমাৰ ল’ৰাক মোকলাই দিয়ক

যিজনী ছোৱালীক মৰা বুলি মোৰ ল'ৰাটোক ধৰি নি জেলত দিলে সেই ছোৱালীজনী দেখোন এতিয়া জীয়া ওলালেই। এতিয়া ল'ৰাটোক এৰি দিব লাগে

পিংকি কাণ্ড : দোষ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা আমাৰ ল’ৰাক মোকলাই দিয়ক

বিশেষ বাৰ্তা, ২৩ জুনঃ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ডিফলুৰ শিৱমন্দিৰ তিনিআলিত নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ দাঁতিত যোৱা ১৭ জুনৰ নিশা অচিনাক্ত কিশোৰীৰ মৃতদেহটোৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্তক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো ৰহা দীঘলদৰীৰ মনমোহন দাস আৰু তেওঁৰ পত্নীৰ লগতে আত্মীয়সকলে প্ৰত্যক্ষ কৰি সেইটো যোৱা ১১ জুনৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা পিংকি দাস (১৩)ৰ বুলি চিনাক্ত কৰাৰ পাছতেই নগাঁও আৰক্ষীয়ে হুৰমূৰকৈ তদন্তৰ নামত ৰাইজক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ কিশোৰীগৰাকীৰ সৈতে ফোনত কথা পতা, ঘৰত গৈ কথা পতা বুলি পৰিয়ালৰ লোকে ৰাজমিস্ত্ৰী-যোগালিকেইজনলৈ সন্দেহৰ আঙুলি টোঁওৱাত আৰক্ষীও বিশেষ তদন্ত নকৰাকৈয়ে লগে লগে আৰক্ষীয়ে পিংকি কাণ্ডৰ গোচৰত অভিযুক্ত কৰি জুৰীয়াৰ ফাকলি পথাৰৰ ৰাজমিস্ত্ৰী আবু হানিফ, কাটিমাৰী আৰু নগাবন্ধাৰ যোগালি-মিস্ত্ৰী আমিৰ হামজা আৰু ফাইজুলক গ্ৰেপ্তাৰ কৰে আৰু জেৰাৰ অন্তত জেললৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে যুৱককেইজনক উদ্ধাৰ হোৱা মৃতদেহটোৰ গোচৰৰ সংক্ৰান্ততে গ্ৰেপ্তাৰ কৰা বুলি প্ৰথমে সদৰী কৰিলেও পৰহি মৃত (?)পিংকি দাসক সোঁ শৰীৰে উদ্ধাৰ কৰাৰ পাছত আৰক্ষীৰ সুৰ সলনি হয়। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মেলত কৈছিল যে এই যুৱক তিনিজনে পিংকি দাসক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল।

আনকি তেওঁৰ মাতৃয়ে এই বুলি অভিযোগ দিছিল যে ধৃত যুৱক তিনিজন তেওঁলোকৰ ঘৰলৈ গৈ কিশোৰীগৰাকীৰ সৈতে ফটো উঠিবলৈ জোৰ-জবৰদস্তি কৰা, অন্য হাৰাশাস্তি কৰিছিল। হাৰাশাস্তিৰ অভিযোগতহে যুৱককেইজনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰিছিল।

আৰক্ষী অধীক্ষক ডেকাৰ ভাষ্যৰ বিপৰীত ভাষ্য প্ৰদান কৰিছে ধৃত যুৱককেইজনৰ পৰিয়ালৰ লোকে। যুৱককেইজনক ৰহা থানাৰ যিটো ৬৫/২০২৫ নম্বৰৰ গোচৰত যুৱককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে তাত দলবদ্ধ অপহৰণ আৰু দলবদ্ধ হত্যাৰ ধাৰাও সন্নিৱিষ্ট থকা বুলি আশংকা প্ৰকাশ কৰিছে তেওঁ লোকৰ পৰিয়ালৰ লোকে।

ইপিনে, যিহেতু পিংকি দাস এতিয়া সোঁ শৰীৰে ওলাল, তদুপৰি যুৱককেইজন যিহেতু পিংকিৰ ৰহস্যজনক সন্ধানহীনতাৰ লগত জড়িত থকাৰ কোনো তথ্য পোহৰলৈ অহা নাই আৰু পিংকি দাসেও তেওঁলোকক কোনো জঘন্য অপৰাধী হিচাপে জগৰীয়া কৰা নাই সেয়েহে তেওঁলোকক পিংকি কাণ্ডৰ অন্যতম অভিযুক্ত সজাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাৰ বাবে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ধৃত যুৱক তিনিজনৰ পৰিয়ালৰ লোকে।

পিংকি কাণ্ডত মুখ্য অভিযুক্ত সজাই আৰক্ষীয়ে যোৱা ১৮ জুনত ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ফাকলি পথাৰ গাঁৱৰ ৰাজমিস্ত্ৰীৰ যোগালি আবু হানিফৰ পিতৃ ৰমজান আলীয়ে আক্ষেপেৰে কয়,”আমি বহুত কষ্ট পাইছো

ল’ৰাটোক অপৰাধ নকৰাকৈয়ে কাম কৰি থকা ঠাইৰ পৰা মতাই নি পুলিচে গ্ৰেপ্তাৰ কৰিছিল। আমাক ন্যায় দিব লাগে। যিজনী ছোৱালীক মৰা বুলি মোৰ ল’ৰাটোক ধৰি নি জেলত দিলে সেই ছোৱালীজনী দেখোন এতিয়া জীয়া ওলালেই। এতিয়া ল’ৰাটোক এৰি দিব লাগে।”

ৰমজান আলীয়ে আৰু কয়, “মই ৰুগীয়া মানুহ, মোৰ পৰিবাৰো ৰুগীয়া। আবু হানিফেই মিস্ত্ৰী-যোগালিৰ কাম কৰি ঘৰখন চলাই আছিল। সি মোৰ পাঁচ সন্তানৰ জ্যেষ্ঠ। ত্ৰিশ বছৰীয়া আবু হানিফ বিবাহিত। তাৰ পত্নী আৰু এজনী ন বছৰীয়া ছোৱালীও আছে।

এতিয়া আমাৰ অৱস্থা নোহোৱা হৈছে। আমাৰ লিখা পঢ়া নাই, টকা পইছাও নাই কাৰ ওচৰলৈ যাম কি কৰিম একো পাৰ পোৱা নাই। ল’ৰাটোৱে ৰহাত কাম কৰি থকা অৱস্থাতে সেই ছোৱালীজনীৰ ঘৰৰ মানুহে ঠিকাদাৰক ফোন কৰি তাক মতাই নি আৰক্ষীক গতাই দিয়ে।

পুলিচৰ নাম লবলৈকো ভয় কৰা বুলি মন্তব্য কৰি ৰমজান আলীয়ে আৰু কয়, “আমি দুখীয়া মানুহ, আমাৰ পুলিচৰ বিৰুদ্ধে কথা ক’বলৈ ভয় লাগে।”

You might also like