যশপ্ৰীত বুমৰাহ-ৰ বলিঙক ভূয়সী প্ৰশংসা ইংৰাজ বেটাৰৰ
বলিঙৰ নিপুনতা দেখি ইংলেণ্ড শিবিৰে সমীহ কৰিবলৈ বাধ্য হৈছে৷ বেন ডাকেট আৰু বলাৰ মার্ক উডো বুমৰাহৰ বলিং দেখি মুগ্ধ
যশপ্ৰীত বুমৰাহ-ৰ বলিঙক ভূয়সী প্ৰশংসা ইংৰাজ বেটাৰৰ
নিউজ ডেস্ক, ২৩ জুনঃ হেডিংলে টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডৰ আধিপত্য আছিল অধিক৷ ভাৰতৰ যশপ্রীত বুমৰহাৰ বাহিৰে আন কোনো বলাৰে ঘৰুৱা দলটোক চাপত ৰাখিব পৰা নাছিল৷
বুমৰাহে অকলে ৫টা উইকেট দখল কৰে৷ তেওঁৰ বলিঙৰ নিপুনতা দেখি ইংলেণ্ড শিবিৰে সমীহ কৰিবলৈ বাধ্য হৈছে৷ বেন ডাকেট আৰু বলাৰ মার্ক উডো বুমৰাহৰ বলিং দেখি মুগ্ধ৷
ইংলেণ্ডৰ অ’পেনাৰ ডাকেটে খেলৰ শেষত সংবাদ মাধ্যমৰ আগত কয় – ‘বুমৰাহৰ বল খেলা যথেষ্ট কঠিন৷ এই মুহূর্তত বুমৰাহেই বিশ্বৰ শ্রেষ্ঠ বলাৰ৷ যিকোনো পৰিৱেশত, যিকোনো পিটছত বুমৰাহ দুর্দান্ত বলাৰ৷ ভাৰতৰ বেটিং সহায়ক পিটছতো তেওঁ অতিশয় বিপজ্জনক৷ এইবাৰ ইয়াতো দুয়োফালে বল ছুয়িং কৰাইছে৷ সকলো সময়তে সতর্ক থাকিবলগীয়া হৈছে৷’
কেৱল ডাকেটেই নহয়, বুমৰাহক দেখি মুগ্ধ উডো৷ আঘাতৰ বাবে খেলিবলৈ সক্ষম হোৱা নাই ইংলেণ্ডৰ বেগী বলাৰগৰাকী৷ তেওঁ স্বীকাৰ কৰিছে বুমৰাহেই এতিয়া বিশ্বৰ শ্রেষ্ঠ বলাৰ৷
এটা টেলিভিছন চেনেলত দিয়া সাক্ষাৎকাৰত উডে কয় – ‘বুমৰাহ সকলো ফর্মেটতে বিপজ্জনক আৰু অসাধাৰণ৷ তেওঁৰ বল খেলা বৰ কঠিন৷ তেওঁক দেখি ধাৰণা হয় বুমৰাহেই বিশ্বৰ শ্রেষ্ঠ বলাৰ৷ যিকোনো সময়তে তেওঁ খেলৰ ৰং সলনি কৰি দিব পাৰে৷’