নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উথপথপ কামাখ্যা মন্দিৰ, দেৱীৰ আশিস ল’বলৈ লোকাৰণ্য নীলাচল

মা কামাখ্যাৰ অগাধ বিশ্বাসক সুঁৱৰি ভক্তপ্রাণৰ মন্দিৰ পৰিক্রমা

নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ -ত চলি আছে অম্বুবাচী মহাযোগ। ইতিমধ্যে তিনিটা দিন অতিক্রম কৰিলে এই মহাযোগে৷ দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ দেৱী কামাখ্যাৰ আশিস ল’বলৈ অগণন ভক্তপ্রাণ ৰাইজে কামাখ্যা ধামত ভিৰ কৰিছে।

উল্লেখ্য যে দেৱীৰ আশিস ল’বলৈ নামনি কামাখ্যাৰ পৰা পদব্রজে ভক্ত–দর্শনার্থীসক কামাখ্য ধামলৈ যাত্রা আৰম্ভ কৰে৷ আস্থা আৰু বিশ্বাসৰ অন্যতম নাম অম্বুবাচী মহাযোগ৷ পদব্রজে অহা ভক্তৰ লগতে একাংশ ভক্তই ব্যতিক্রমীভাৱে দেৱীৰ আশিস ল’বলৈ সাষ্টাংগে প্রণিপাত জনাই ওৰেটো পথ মন্দিৰ অভিমুখে কৰা যাত্রাই বহুজনৰ দৃষ্টি আকর্ষণ কৰিলে৷

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অহা এইসকল ভক্তই অম্বুবাচীৰ সময়ত মনৰ আশা পূৰণৰ বাবে এনেদৰে সংকল্প লৈ ধামলৈ যাত্রা কৰা বুলি মন্তব্য কৰে৷ আনহাতে, ভক্ত–দর্শনার্থীৰ বিপুল সমাগমেৰে মহাসমুদ্রত পৰিণত হ’ল কামাখ্যা ধাম৷

একাংশ ভক্তই দেৱীধামৰ সমীপতে আৰাধনাত লিপ্ত হোৱাৰ লগতে আন একাংশই মন্দিৰৰ চৌপাশে পৰিভ্রমণ কৰি দেৱীৰ আশিস বিচাৰে৷ উল্লেখ্য যে অম্বুবাচী মহাযোগৰ সময়ত আহিবলগীয়া লাখ লাখ ভক্তৰ বাবে ৰাজ্য চৰকাৰ তথা জিলা প্রশাসনে কেইবাশ নিৰাপত্তাৰক্ষীৰ লগতে বহুসংখ্যক স্বেচ্ছাসেৱকো মোতায়েন কৰিছিল৷

আৰক্ষীৰ লগতে মন্দিৰৰ দেৱালয় পৰিচালনা সমিতিৰ নিৰাপত্তাৰক্ষী তথা স্কাউট গাইডছৰ বহুসংখ্যক সদস্যই স্বেচ্ছাসেৱক হিচাপে অম্বুবাচীত সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ ভক্তৰ ভিৰ নিয়ন্ত্রণৰ লগতে স্বেচ্ছাসেৱকসকলক সুন্দৰৰূপে পৰিচালনা কৰিবলৈ চৰকাৰে চেষ্টাৰ ত্রুটি কৰা নাই৷

তদুপৰি অম্বুবাচীৰ সময়ছোৱাত হোৱা ভিৰৰ বাবে মন্দিৰ চৌহদ যথেষ্ট অপৰিষ্কাৰ হৈ পৰে৷ কিন্তু এইবাৰ চৰকাৰে লোৱা প্রচেষ্টাৰ বাবে বাৰিষাৰ ভৰপক সময়তো অটুট থাকে মন্দিৰ চৌহদৰ স্বচ্ছতা৷ গুৱাহাটী পৌৰ নিগম তথা প্রশাসনৰ দ্বাৰা নিয়োজিত চাফাই কর্মীসকলে অতি নিয়াৰিকৈ দেৱালয় চৌহদত স্বচ্ছতা অটুট ৰাখিবলৈ চেষ্টা চলোৱা দেখা গ’ল৷

প্রশাসনে মন্দিৰলৈ যোৱা পথৰ সমীপত পথচাৰীৰ বাবে খোৱাপানীৰ লগতে ঠায়ে ঠায়ে ভ্রাম্যমাণ শৌচাগাৰৰো ব্যৱস্থা কৰিছে৷ সাধাৰণতে অম্বুবাচীৰ সময়ছোৱাত পূর্বতে সমগ্র নীলাচল পাহাৰত পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হয়৷ কিন্তু বিগত কিছুবছৰ ধৰি চৰকাৰে লোৱা সুন্দৰ প্রচেষ্টাৰ বাবে লাখ লাখ দর্শনার্থীৰ সমাগমৰ পাছতো মন্দিৰৰ স্বচ্ছতা অটুট আছে৷

চৰকাৰ তথা প্রশাসনৰ এই সুন্দৰ প্রচেষ্টাৰ শলাগ লৈছে মন্দিৰলৈ অহা বহুসংখ্যক দর্শনার্থীয়ে৷ স্বচ্ছতাৰ লগতে দর্শনার্থীসকলৰ সকলো সমস্যাৰ প্রতি নজৰ ৰখা স্বেচ্ছাসেৱকসকলৰ ভূমিকাক বহুজনে প্রশংসা কৰিছে৷ এয়া একমাত্র দেৱীৰ প্রতি থকা নিষ্ঠা আৰু আশ্বাসৰ বাবেহে সম্ভৱপৰ হৈছে বুলি বহু দর্শনার্থীয়ে মন্তব্য কৰিছে৷

কাইলৈ অম্বুবাচী মহাযোগৰ অন্তিম দিন৷ কাইলৈ পুৱতিনিশা প্রায় ৩.১৯ বজাত অম্বুবাচীৰ নিবৃত্তি হ’ব৷ তাৰ পিছতে অহা ২৬ জুনৰ পুৱা ৬ বজাত দেৱীৰ স্নানাদি সম্পন্ন কৰি যথাবিহীত পূজা সম্পূর্ণ হোৱাৰ পাছতেই মন্দিৰৰ দুৱাৰ দর্শনার্থীৰ বাবে খুলি দিয়া হ’ব৷ ২৬ আৰু ২৭ জুনত ভিভিআইপিৰ বাবে প্রৱেশপত্র দিয়া নহয় যদিও অহা ২৮ জুনৰ পৰাহে প্রৱেশপত্র পুনৰ জাৰি কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে সদৰী কৰিছে৷

Niyomiya Barta Desk, Date of Published – 25-06-2025

You might also like