নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্লজ্জ : মৃতদেহ কঢ়িওৱা-মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে সৰকালে ১৭,০০০ টকা

গোৱালপাৰা জিলাৰ আগিয়া থানাৰ আৰক্ষীৰ নিৰ্লজ্জ কৰ্ম কাণ্ডই হতচকিত কৰি তুলিছে সচেতন মহলক। মৃতদেহ এটা কঢ়িওৱা আৰু মৃতকৰ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত অতি দৰিদ্ৰ মাতৃ গৰাকীৰ পৰা কৌশলেৰে আৰক্ষীয়ে ১৭ হেজাৰ টকা সৰকোৱাৰ অভিযোগ তুলিছে মৃতকৰ দুৰ্ভগীয়া

বিধবা মাতৃ মেতালিষ্ট মাৰাকে। প্ৰাপ্ত বাতৰি অনুসৰি যোৱা দহ জুনত বালিজানা সাপ্তাহিক বজাৰত বজাৰ কৰীবলৈ আহি নিখোজ হৈছিল আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচাপাৰাৰ হাৰমনীত মাৰাক নামৰ যুৱক এজন।

পৰবৰ্তী সময়ত ১২ জুনত বালিজানা বজাৰৰ কাষতে মৃতদেহ উদ্ধাৰ হৈছিল হাৰমনীত মাৰাকৰ। স্থানীয় লোকৰ খবৰৰ ভিত্তিত আগিয়াৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক মৃতদেহ চমজাই দিয়ে।

আগিয়া আৰক্ষীয়ে মৃতদেহটো কঢ়িওৱা আৰু মৃতকৰ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবদ মৃতকৰ মাতৃৰ পৰা মুঠ ১৭ হেজাৰ টকা দাবী কৰে। আৰক্ষীৰ ভয়ত পেপুৱা লগা দৰিদ্ৰ মাতৃগৰাকীয়ে উপায়বিহীন হৈ দাবী কৰা ধন আৰক্ষীক দিবলৈ বাধ্য হোৱা বুলি সাংবাদ মাধ্যমৰ আগত দুঃখ প্ৰকাশ কৰে।

অতি সহজ সৰল মাতৃগৰাকীয়ে আনকি আৰক্ষীয়ে বেয়া পোৱাৰ ভয়ত নিজৰ টকা নথকাত আনৰ পৰা ঋণ লৈ আৰক্ষীক দিয়া বুলিও জানিবলৈ দিয়ে ।

নিয়মীয়া বাৰ্তা, টিপলাই : Date of Published – 26-06-2025

You might also like