নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহে সন্ধান নাই চিলাপথাৰৰ দুই সন্তানৰ মাতৃৰ, পৰিয়ালত হাহাকাৰ

ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত গড়মৰা ৰহধলা গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিখোজ হৈ থকা বোৱাৰী  গৰাকী হ’ল গড়মৰা ৰহধলা গাঁৱৰ বুল ভূঞাৰ ২৬ বছৰীয়া পত্নী সংগীতা ভূঞা।

সংগীতা ভূঞাই যোৱা ২০ জুনৰ পুৱা প্ৰায় দহমান বজাত চিকিৎসালয়লৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আজিকোপতি কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে। স্বামী বুল ভূঞাই সম্ভাৱ্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰিও সংগীতাৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি শোকত ভাগি পৰিছে।

ঘৰত এৰি যোৱা দুটা সন্তানে মাকক বিচাৰি হাহাকাৰ কৰিছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া স্বামীয়ে এতিয়া উপায়ন্তৰ হৈ পৰিছে। ঘৰখনত বিৰাজ কৰিছে এক শোকাকুল পৰিবেশ।

ইতিমধ্যে পৰিয়ালে সংগীতাৰ নিৰুদ্দেশ সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এতিয়া পৰিয়ালৰ লোকে এটা ফেচবুক পষ্টৰ জৰিয়তে কোনো এজন অজ্ঞাত লোকৰ লগত পলাই গৈছে বুলি সন্দেহ কৰিছে যদিও সেইজন লোকৰ নাম ঠিকনা স্পষ্টকৈ জানিব পৰা নাই।

ঘৰখনৰ পৰিবেশৰ প্ৰতি চিন্তা কৰি সংগীতাক শীঘ্ৰে ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পতি আৰু পুত্ৰদ্বয়ে। কোনো লোকে সংগীতাৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা  ৮০১১২৩০০৪৬/৬০০০৭১৪০৫৮  এই  নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা জোনাই, Date of Published – 26-06-2025

You might also like