উত্তপ্ত নলবাৰী সদৰ থানা : থানাৰ ভিতৰতেই OCক প্ৰহাৰ গৌৰৱ কলিতাৰ
নলবাৰী সদৰ থানাৰ ভিতৰেই স্বয়ং ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী প্ৰহৃত হব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ সূত্ৰে জানিব পৰা মতে, নলবাৰী চহৰৰ বাটা চ’কৰ জগদীশ কলিতা আৰু পুত্ৰ গৌৰৱ জগদীশ কলিতাই ন্যায়ালয়ত চলি থকা এক গোচৰ ভংগ সন্দৰ্ভত আজি নলবাৰী সদৰ থানালৈ আহে৷
গোচৰৰ বাবে নলবাৰী সদৰ থানালৈ পিতৃৰ স’তে আহি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ কোঠাত প্ৰবেশ কৰি শাৰীৰিক আক্ৰমণ কৰে পুত্ৰ গৌৰৱ জগদীশ কলিতাই।
অতৰ্কিতে সংঘটিত এই ঘটনাৰ পিছতেই থানাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে পিতৃ জগদীশ কলিতাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনৰ লগত কথা পাতি থকা সময়তে অতৰ্কিতে পুত্ৰ গৌৰৱ জগদীশ কলিতাই থানাখনৰ অ’চি পৱন কলিতাক ঘোচা, গোৰ শোধায়৷
ইয়াৰ পিছতেই নলবাৰী আৰক্ষীয়ে পুত্ৰ জগদীশ কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰু পিতৃ জগদীশ কলিতাক আটক কৰি সম্প্ৰতি সোধাপোছা অব্যাহত ৰাখিছে৷
বিশেষ বাৰ্তা, নলবাৰীঃ Date of Published – 26-06-2025