নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰলুইতৰ খহনীয়াৰ কালৰূপ – চকুৰ পচাৰতে মহাবাহুত বিলীন মছজিদ

নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰাত ঠায়ে ঠায়ে এতিয়া আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া। উল্লেখ্য যে, বিগত কেইবা বছৰৰ পৰাই তীব্ৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে দক্ষিণ শালমাৰাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ফকিৰগঞ্জৰ অস্তিত্বলৈ।

ইতিমধ্যে অঞ্চলটোৰ বহুাই জাহ গৈছে বৰলুইতত। পূৰ্বৰ অনুৰূপে, এইবাৰো বাৰিষা অহাৰ ল’গে ল’গে ফকিৰগঞ্জত গৰাখহনীয়াই লৈছে কালৰূপ। অঞ্চলটোৰ ওৱাহেব বজাৰৰ একাংশ অঞ্চল ইতিমধ্যে বিলীন হৈ গৈছে বৰলুইতৰ বুকুত।

ইপিনে ওৱাহেব বজাৰৰ জামে মছজিদও ৰাইজৰ চকুৰ সন্মুখতে জাহ যায় নৈখনত। স্বাভাবিক ভাবেই এই ঘটনাই অঞ্চলটোৰ বহু ৰাইজৰ মাজত সৃষ্টি কৰিছে দুখ আৰু প্ৰতিক্ৰিয়াৰো। প্ৰশ্ন উত্থাপিত সময়ত গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থাপ্ৰণালী নিৰ্মাণ

সমান্তৰালকৈ, গৰাখহনীয়া প্ৰতিৰোধৰ কাম অত্যন্ত নিম্নমানৰ তথা ব্যাপক দূৰ্নীতি চলি থকাৰো উত্থাপিত হোৱা পোৱা গৈছে অভিযোগো। আনকি নিজৰ সমষ্টিৰ বৰলুইতৰ এই ভয়ংকৰ গৰাখহনীয়াৰ বিষয়টো লৈ স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীকে ধৰি সাংসদ ৰকিবুল হুছেইনে যথাযথ পদক্ষেপ নোলোৱা বুলিও কিন্তু একাংশই অভিযোগৰ আাঙুলীও তুলা দেখা গৈছে।

অন্তিম অবলম্বন ৰূপে, দক্ষিণ শালমাৰা তথা ফকিৰগঞ্জৰ গৰাখহনীয়াৰ স্থায়ী সমাধান তথা গৰাখহনীয়া প্ৰতিৰোধৰ বিষয়ট লৈ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ কৰাটোও কিন্তু বিচাৰিছে বহু ভূক্তভোগীয়ে।

নিয়মীয়া বাৰ্তা, ধুবুৰী : Date of Published – 26-06-2025

You might also like