নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

ডিগবৈৰ পাৰ্শ্বৱৰ্তী বৰজানৰ এজন ব্যক্তিৰ বাসগৃহত আজি পুৱা ভাগত এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হয়। বিৰল প্ৰজাতিৰ বান্দৰটো প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ দ্বাৰা ডিগবৈ বনবিভাগক অৱগত কৰাত বন কৰ্মী গনিৰুতদ্দিন হাজৰিকা সহ বন সুৰক্ষা কৰ্মীৰ এটা দল উপস্থিত হৈ  লাজুকী বান্দৰটো উদ্ধাৰ কৰে।

বৰজানৰ কাষতে অৱস্থিত ঘন বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো ওলাই আহিছিল বুলি ধাৰণা কৰা হৈছে। পৰৱৰ্তী সময়ত ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষিত অঞ্চলত  লাজুকী বান্দৰটো মুকলি কৰি দিয়ে।

নিয়মীয়া বাৰ্তা, ডিগবৈঃ Date of Published – 26-06-2025

You might also like