নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ অসমত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালি সিদ্ধান্ত গ্ৰহণ কৰিছে চিটীবাছ মালিক সন্থাই ।
ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে গুৱাহাটীত ৩ দিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিটীবাছ মালিক সন্থাই ।
যাৰ বাবে মহানগৰীত অহা ২৪ মাৰ্চলৈকে বন্ধ থাকিব চিটীবাছ ।
উল্লেখ্য যে ভাৰতত ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে ক’ৰোনা ভাইৰাছ । পূৰ্বে কোনো বিদেশ ভ্ৰমণ কৰি অহা লোকৰ শৰীৰত এই ভাইৰাছ দেখা পোৱা গৈছিল যদিও শেহতীয়াভাৱে ভাৰতত সামাজিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ।