কথা–বার্তা
অসমীয়াত এশাৰী বৰ সুন্দৰ বাক্য আছে– ‘কথাতে বঁটা পায়, কথাতে কটা যায়৷’ এই বাক্যশাৰীৰ মূল ভাবার্থ অতি সৰল৷ যথাস্থানত সৎ সাহসেৰে ক’বলগীয়া কথা ক’ব পাৰিলে পুৰস্কৃত হ’ব৷ সেই কথাৰ পৰা সমাজৰ সহস্রজনৰ উপকাৰ হ’ব৷ সমাজখনৰ মংগল হ’ব৷ ইয়াৰ বিপৰীতে নক’বলগীয়া কথা ক’লে আপোনাৰ প্রভূত লোকচান হ’ব৷ নিজৰ মান–সন্মান যোৱাৰ উপৰি সমাজৰ অমংগল হ’ব৷ যাৰ বাবে আপুনি কটা যাবলগীয়া তুল্য হ’ব৷ সেয়ে যি স্থানত যেনে কথা কোৱা দৰকাৰ তেনে কথা কোৱাটোৱে বা তেনে কথা–বার্তাত আমি লিপ্ত হোৱাটো মংগলময়৷ ঘৰুৱা অথবা ৰাজহুৱা স্থান, কার্যালয় অথবা বিশাল জনসভা এইসমূহ ক্ষেত্রতে আমি প্রতিদিনে প্রতিনিয়ত কথা ক’বলগীয়া হয়৷ কথা কেনেদৰে ক’ম নতুবা কেনেদৰে কৈছোঁ তাৰ ওপৰতে নির্ভৰ কৰে সেই কথাৰ ওজন৷ কেতিয়াবা কঠোৰ, কেতিয়াবা পাতল, আমি যেনেদৰেই নকওঁ কথা কোৱাটো এটা কলা৷ এই কলাক আয়ত্ত কৰিব নোৱাৰিলে বা নিয়ন্ত্রণ কৰিব নোৱাৰিলে আমি বিপদত পৰোঁ৷ আমি কাৰোবাক উদ্দেশ্যি কিবা কোৱাৰ আগতে গুৰুত্বসহকাৰে কথা শুনা দৰকাৰ৷ আমি কাৰ আগত কেনে পৰিৱেশত কথা কৈছোঁ সেয়া হূদয়ংগম কৰি আমি আমাৰ কথাৰ শব্দ বাছনি কৰিব লাগে৷ সেই শব্দ বাছনিয়েহে আমি ক’ব খোজা কথাৰ গুৰুত্ব আৰু মান নিৰূপণ কৰে৷ প্রকৃত শব্দ বাছনিৰে কোৱা মাত্র এশাৰী বাক্যই কেতিয়াবা এহেজাৰটা শাৰীৰ এক দীঘলীয়া ভাষণতকৈও মূল্যৱান হ’ব পাৰে৷ এই কাৰণেই কেতিয়াবা সৰু সৰু কথা–বার্তায়ো বৃহৎ জটিল সমস্যাৰ সমাধান কৰিব পাৰে৷ আৰু ল’ব পাৰে দিক্ নির্ণায়ক ভূমিকা৷ বহু সময়ত আপুনি কেনে কথা–বতৰাত লিপ্ত হৈছে অথবা আপুনি কেনে কথা ক’বলৈ শিকিছে সেয়া নির্ভৰ কৰে আপুনি কি পৰিৱেশত ডাঙৰ–দীঘল হৈছে বা কেনে মানুহৰ সংগত আপুনি আছে৷ প্রচুৰ অধ্যয়ন নকৰাকৈও সেয়ে বহু সাধাৰণ মানুহেও অমূল্য জ্ঞানগর্ভ কথা ক’ব পাৰে কেৱল তেওঁ ডাঙৰ–দীঘল হোৱা পৰিৱেশ আৰু তেওঁৰ চৌপাশে থকা সংগৰ বাবেই৷ পৰিৱেশ আৰু সংগৰ পৰাই মানুহে কিতাপতকৈও বহু বেছি ব্যৱহাৰিক শিক্ষা আৰু জ্ঞান অর্জন কৰে৷ এই পৰিৱেশ–সংগই মানুহৰ চৰিত্র নির্মাণ কৰে৷ আৰু মানুহৰ চৰিত্রৰ প্রকাশ ঘটে তেওঁৰ কথা–বতৰাত৷
বিশেষকৈ যিসকল মানুহে সামাজিক ক্ষেত্রত কাম কৰে আৰু সচৰাচৰ ৰাজহুৱা স্থানত বক্তব্য ৰাখে তেওঁলোকে তেওঁলোকৰ কথা–বতৰাত অত্যন্ত সংযত আৰু সতর্ক হোৱা উচিত৷ কিয়নো এনে মানুহৰ মাত্র এশাৰী বাক্যই এখন সমাজ গঢ়িব পাৰে নতুবা এখন সমাজ ধ্বংস কৰাৰ বাবে যুদ্ধৰ সূচনা কৰিব পাৰে৷ কথা কোৱাটো যেনেদৰে এটা কলা, ঠিক তেনেদৰে ৰাজহুৱা স্থানত বক্তব্য প্রদান কৰা অথবা ভাষণ দিয়াটোও এক কলা৷ এনে কেইগৰাকীমান ৰাজনৈতিক মনীষীয়ে তেওঁলোকৰ ভাষণক এক ক্লাছিক পর্যায়লৈকে লৈ গৈছে৷ এই নেতাসকলৰ ভাষণ হাজাৰ হাজাৰ জনতাই মনোমুগ্ধ হৈ শুনিছিল আৰু সেই ভাষণক চিৰকালৰ বাবে তেওঁলোকৰ হূদয়ত স্থান দিছিল৷ ভাষণ যে এক সন্মোহিনী কলা সেয়া বর্ণনাতীতভাৱে প্রমাণ কৰি থৈ গৈছে অটল বিহাৰী বাজপেয়ী আৰু আমাৰ অসমৰ হেম বৰুৱাই৷ এতিয়াও লক্ষ লক্ষজনে সশ্রদ্ধভাৱে স্মৰণ কৰে বাজপেয়ীৰ কবিতা কবিতা যেন লগা ভাষণ আৰু তেওঁৰ কাব্যিক কথা–বতৰা৷ তেনেদৰে প্রাতঃস্মৰণীয় হৈ আছে হেম বৰুৱাও৷ শেহতীয়াকৈ কিন্তু ৰাজনৈতিক নেতাসকলৰ ভাষণৰ গৰিমা লক্ষণীয়ভাৱে হ্রাস হৈছে৷ এতিয়া আৰু কাচিৎহে শুনিবলৈ পোৱা যায় কোনোবা ৰাজনৈতিক নেতাৰ সুললিত ভাষণৰ সৰস চর্চা৷ বিপৰীতে উগ্র, তীব্র আক্রমণাত্মক, আক্রোশমূলক, সংযমহীন ভাষণ অথবা কথা–বার্তাইহে এতিয়া প্রাধান্য লাভ কৰে৷ দৃষ্টিকটু এই ভাষণ আৰু কথা–বার্তাই দেশ বা সমাজৰ কোনো উন্নয়ন সাধন নকৰে৷ বিশেষ উদ্দেশ্যপ্রণোদিত এনে কথা–বার্তাই সেই বিশেষ ব্যক্তিজনৰ লগতে প্রভূত ক্ষতিসাধন কৰে সমাজখনৰো৷ যি ক্ষতি পূৰণ কৰিবলৈ কেইবাযুগ সময়ৰো প্রয়োজন হয়৷ ৰাজনৈতিক ক্ষেত্রত বিচৰণ কৰা ব্যক্তিসকলৰ কথা আৰু কামে যিহেতুকে সমাজৰ এক বৃহৎ অংশক প্রভাৱিত কৰে, সেয়ে তেওঁলোকে তেওঁলোকৰ কথা–বতৰাত অধিক সংযত হোৱাটো প্রয়োজনীয়৷ অন্যথা নিশ্চিতভাৱে আপোনাৰ কথা–বতৰাই প্রমাণ কৰিব আপুনি কোনটো শ্রেণীৰ মানুহ৷