পাকিস্তানত আত্মঘাতী বিস্ফোৰণ-ত ১৩ সেনা নিহত, ১০ আহত
গ্ল’বেল টেৰৰিজম ইনডেক্স ২০২৫ অনুসৰি, ২০২৪ চনত পাকিস্তানত উগ্ৰবাদী আক্ৰমণত মৃতকৰ সংখ্যা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। য’ত ২০২৩ চনত ৭৪৮জন লোক উগ্ৰবাদত নিহত হৈছিল
পাকিস্তানৰ খাইবাৰ পাখতুনখুৱা প্ৰান্তত সংঘটিত এটা আত্মঘাতী বিস্ফোৰণ -ত কমেও ১৩জন সেনা জোৱান নিহত আৰু ১০জন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণটো উত্তৰ-পশ্চিমাঞ্চলৰ উত্তৰ ৱাজিৰিস্তান জিলাত সংঘটিত হয়, যি আফগানিস্তানৰ সীমান্তৰ ওচৰত অৱস্থিত আৰু বহুদিন ধৰি উগ্ৰবাদৰ বাবে প্ৰভাৱিত হৈ আহিছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, আত্মঘাতী আক্ৰমণকাৰীজনে বিস্ফোৰকভৰ্তি গাড়ী এখনক সেনাৰ কাফিলাৰ সৈতে খুন্দিয়াই দিয়ে, ফলত ডাঙৰ বিস্ফোৰণ সংঘটিত হয়। এই আক্ৰমণত বহুজন সেনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব লোৱা নাই, যদিও সন্দেহ কৰা হৈছে যে এই আক্ৰমণৰ পিচত তেহৰিক-ই-তালিবান পাকিস্তান (TTP) বা সেই সংগঠনৰ লগত জড়িত কোনো গোটৰ হাত থাকিব পাৰে।
এই অঞ্চল আগতে বহু ঘাতক উগ্ৰবাদী আক্ৰমণৰ সাক্ষী হৈ আছে। সেনা আৰু নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে অঞ্চলটোত সঘন অপাৰেচন আৰম্ভ কৰিছে। আহতসকলক ওচৰৰ সামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। এই আক্ৰমণে পুনৰ পাকিস্তানৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
গ্ল’বেল টেৰৰিজম ইনডেক্স ২০২৫ : পাকিস্তান দ্বিতীয় স্থানত
গ্ল’বেল টেৰৰিজম ইনডেক্স ২০২৫ অনুসৰি, ২০২৪ চনত পাকিস্তানত উগ্ৰবাদী আক্ৰমণত মৃতকৰ সংখ্যা বিপজ্জনকভাৱে বৃদ্ধি পাইছে। য’ত ২০২৩ চনত ৭৪৮জন লোক উগ্ৰবাদত নিহত হৈছিল, ২০২৪ চনত সেই সংখ্যা ১,০৮১জনলৈ বৃদ্ধি পায়, যিটো প্ৰায় ৪৫% বৃদ্ধি।
ফলস্বৰূপে পাকিস্তান এতিয়া বিশ্বত উগ্ৰবাদৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত দেশসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে খাইবাৰ পাখতুনখুৱা আৰু বেলুচিস্তান অঞ্চলবোৰ এতিয়া চৰমপন্থী কৃত্যৰ মুখ্য কেন্দ্ৰ হৈ পৰিছে, য’ত নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিক উভয়কে লক্ষ্য কৰা হৈছে।
Niyomiya Barta Desk, Date of published : 28 June, 2025