নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত নৃশংস হত্যাকাণ্ড, ডিঙিত ছুৰীৰে হানি যুৱকক হত্যা

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ কাটাখালৰ ৩০৬ নং শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথ অঞ্চলত  এজন যুৱকক নৃশংস হত্যাকাণ্ডৰ ঘটনাত জিলা জুৰি চাঞ্চল্য বিয়পিছে। ডিঙিত ছুৰী মাৰি কাবুগঞ্জ নগদীৰগ্রাম ৩য় খণ্ডৰ এজন যুৱকক হত্যা কৰা হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ধলাই আৰক্ষী থানা এলেকাৰ কাবুগঞ্জৰ সমীপৰ পাকিৰপাৰৰ শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এছ কিউব বাৰৰ সন্মুখত ২৭ বছৰীয়া ৰাকিব হোছেইন লস্কৰক ছুৰীৰে আঘাত কৰি হত্যা কৰে। যদিও প্ৰথমে বাৰৰ ভিতৰত হোৱা কাজিয়াৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ পাইছিল, তথাপিও ইয়াৰ আঁৰত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে সম্পৰ্ক আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। সূত্ৰ অনুসৰি, পাকিৰপাৰৰ এছ কিউব বাৰলৈ গৈছিল কাবুগঞ্জ বজাৰৰ নিবাসী ২৭ বছৰীয়া চালক ৰাকিব হোছেইন লস্কৰে। বাৰৰ ভিতৰত বহি থকা এদল যুৱকৰ লগত কিবা এটা বিষয়ত তৰ্ক হয়।

ৰাকিবে এই বিষয়ে তেওঁৰ গাড়ীৰ মালিক নাজু লস্কৰক অৱগত কৰে। যেতিয়া নাজুৱে সেই স্থানত আহি মধ্যস্থতা কৰিবলৈ চেষ্টা কৰে তেতিয়া তেওঁৰ সৈতেও তৰ্ক-বিতৰ্ক আৰম্ভ হয়। এটা সময়ত নাজুৱে মংগল লষ্কৰ নামৰ যুৱক এজনক চৰ মাৰিলে আৰু তাৰ পৰাই মংগল আৰু লগৰ কেইজন গুচি যায়।

কিছুসময়ৰ পাছত মঙ্গল লগৰ কেইজনমান লগত বলেৰো গাড়ীত উঠি বাৰলৈ উভতি আহে। মংগল গাড়ীৰ পৰা নামি চিধাই বাৰলৈ যায়। সেই সময়ত ৰাকিবে বাৰৰ কাষতে থকা পাণৰ দোকান এখনত কিবা কিনি আছিল। অভিযোগ অনুসৰি, মংগলে পোনপটীয়াকৈ ৰাকিবৰ ডিঙিত ছুৰীৰে আঘাত কৰি পলায়ন কৰে। ৰক্তাক্ত অৱস্থাত ৰাকিব মাটিত পৰিল। নাজু লস্কৰৰ লগতে বাৰত থকা আন লোকৰ তৎপৰতাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ লৈ যোৱা হয়। কিন্তু মেডিকেল আহি পোৱাৰ পিছত কৰ্তব্যৰত চিকিৎসকে ৰাকিবক মৃত বুলি ঘোষণা কৰে।

ইপিনে,এই তথ্য লাভ কৰাৰ লগে লগে ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হাজুৰীয়ে তৎক্ষণাত তদন্ত আৰম্ভ কৰে। নিশা প্ৰায় ১১ বজাত ভাগাবাজাৰ অঞ্চলৰ পৰা অভিযুক্ত মংগলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নাজু লস্কৰে আৰক্ষীক দিয়া প্ৰাৰম্ভিক তথ্য অনুসৰি, বাৰত হোৱা কাজিয়াৰ বাবেই হত্যাকাণ্ড সংঘটিত হৈছে। অৱশ্যে বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে এই ঘটনাৰ আঁৰত অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এটা বিষয় আছে। মতিনগৰৰ এজন যুৱকে ড্ৰাগছৰ চুক্তি চূড়ান্ত কৰিবলৈ ৰাকিবৰ সৈতে পাকিৰপাৰৰ এছ কিউব বাৰত বহি আছিল।

ড্ৰাগছৰ চুক্তিক লৈ যেতিয়া মংগল ফৈদৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, তেতিয়া মংগলে পিছফালৰ পৰা ৰাকিবৰ ডিঙিত ছুৰীৰে আঘাত কৰে। অভিযুক্ত মংগলৰ ঘৰ ভাগাবাজাৰৰ বন গাঁৱত। নিশাৰ ভিতৰতে আৰক্ষীয়ে মঙ্গল লস্কৰ  সন্দেহযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীয়ে মংগলক জিম্মাত লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত এই ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি ৰাইজে মত পোষণ কৰিছে।

নিয়মীয়া বাৰ্তা, শিলচৰ, Date of published : 28 June, 2025

You might also like