নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপত JEৰ ভয়াৱহ সংক্রমণ, আক্ৰান্ত ১৩, দুগৰাকীৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে কামৰূপ জিলাতো জাপানিজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ প্রাদুর্ভাৱ হৈছে৷ ৰাজ্যৰ ভিতৰতে সর্বাধিক লোক কামৰূপ জিলাত এই ৰোগত আক্রান্ত হৈছে৷

বর্তমানলৈ জিলাখনত ১৩জন লোক আক্রান্ত হৈছে আৰু ইয়াৰ দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জিলা মেলেৰিয়া বিভাগে সদৰী কৰিছে৷ জিলাখনৰ হাজোৰ ৩জন, ছয়গাঁৱৰ ২জন, কমলপুৰৰ ১জন, উত্তৰ গুৱাহাটীৰ ৩জন, বিহদিয়াৰ ৩জন, বকোৰ ১জন লোক এই ৰোগত আক্রান্ত হয়৷ আক্রান্ত ব্যক্তিসকলৰ ভিতৰত নগাঁও গাঁৱৰ মনোজ কুমাৰ কেওট আৰু শিংৰা গাঁৱৰ লক্ষীৰাম দাসৰ মৃত্যু হয়৷

জিলা মেলেৰিয়া বিভাগে জাপানিজ এনকেফেলাহটিছৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি জিলাখনৰ ভিন্ন প্রান্তত সজাগতা সভা, ফগিং, আঁঠুৱাত ঔষধ লগোৱাৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে৷ জিলাবাসীক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে জিলা মেলেৰিয়া বিষয়া ঋতুপর্ণ ৰাজকুমাৰে৷

Niyomiya Barta Desk, Date of published : 30 June, 2025

You might also like