নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰ পাকিস্তানৰ ডিঙিৰ সিৰা

🔹 কাশ্মীৰ ইছ্যুত নিজৰ অৱস্থান সলনি নকৰে পাকিস্তানে

🔹 ভৱিষ্যতে ভাৰতে আক্রমণ চলালে কঠোৰ প্রত্যুত্তৰ দিব পাকিস্তানে

🔹 পাকৰ সেনাপ্রধান আছিম মুনিৰৰ বিস্ফোৰক মন্তব্য

নিউজ ডেস্ক, ৩০ জুন : অপাৰেচন সিন্দূৰৰ পিছতো সলনি হোৱা নাই পাকিস্তানৰ স্থিতি৷ পুনৰ কাশ্মীৰ ইছ্যুত বিহ উগাৰি দিলে পাকিস্তানৰ সেনাপ্রধান আছিম মুনিৰে৷ কাশ্মীৰক পাকিস্তানৰ ‘ডিঙিৰ সিৰা বা জুগুলাৰ ভেইন’ বুলি উল্লেখ কৰি মুনিৰে দাবী কৰিছে যে ভৱিষ্যতে ভাৰতে কোনোধৰণৰ আক্রমণ চলালে কঠোৰ প্রত্যুত্তৰ দিব পাকিস্তানে৷ পাকিস্তানৰ নেভাল একাডেমীৰ অনুষ্ঠান উপলক্ষে কৰাচীত উপস্থিত হৈছিল পাক সেনাপ্রধান মুনিৰ৷ সেই অনুষ্ঠানত মুনিৰে মন্তব্য কৰে যে পাকিস্তানে কাশ্মীৰক কেতিয়াও পাহৰি নাযায়৷ কাশ্মীৰ পাকিস্তানৰ ডিঙিৰ সিৰা হৈ আছিল আৰু ভৱিষ্যতেও থাকিব বুলি মন্তব্য কৰে সেনাপ্রধানগৰাকীয়ে৷ অকল সেয়াই নহয়, আঞ্চলিক সুস্থিৰতাৰ ক্ষেত্রত পাকিস্তান পথ প্রদর্শক বুলিও মন্তব্য কৰে মুনিৰে৷ ৰাষ্ট্রসংঘৰ প্রস্তাৱ আৰু কাশ্মীৰীসকলৰ দাবী অনুসৰি কাশ্মীৰ সমস্যাৰ ন্যায্য সমাধানৰ বাবে পাকিস্তানে সদায় মাত মাতি যাব বুলিও মন্তব্য কৰিছে মুনিৰে৷ লক্ষণীয়ভাৱে এয়াই প্রথম নহয়৷ কাশ্মীৰ প্রসংগত পূর্বৰে পৰা একেই ধৰণৰ মন্তব্য কৰি আহিছে পাক সেনাৰ মুৰব্বীজনে৷

You might also like