ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ অন্তৰ্গত কথা কাষৰনীত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্য হস্তী। কথা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কথা কাষৰনী গাঁৱৰ এখন বাৰীত উদ্ধাৰ হয় মৃত হাতীটো।
অমূল্য চুতীয়া নামৰ ব্যক্তিজনৰ বাৰীত বোৱাৰীয়েকে ছাগলী বান্ধিবলৈ গৈ হাতীটো পৰি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতেই খবৰটো গাঁৱত বিয়পি পৰাত ঘটনা স্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ বন বিভাগক বিষয়টো সন্দৰ্ভত অৱগত কৰে।
অৱশ্যে কোন সময়ত হাতীটোৰ মৃত্যু হয় সেই কথা নিশ্চিত নহয়। কিয়নো নিশা উক্ত অঞ্চলটোত গাওঁ বাসীয়ে বন্য হস্তীৰ এটা জাকে বিচৰণ কৰাৰ উমান পোৱাৰ উপৰিও বন্য হস্তীৰ জাকটোৱে বহু চিঞৰ বাখৰ কৰাও শুনিছিল যদিও বন্য হস্তীৰ বিচৰণ স্থলী হোৱাৰ বাবে নিত্য নৈমিত্তিক ঘটনাৰ দৰে গাঁৱৰ ৰাইজে বিশেষ গুৰুত্ব দিয়া নাছিল।
হাতীৰ জাকটোৱে কিছু চিঞৰ বাখৰ কৰাৰ অন্তত পৰিৱেশ শান্ত হৈ পৰে। হাতীটোৰ গাত থকা এটা ফোঁহা ফাটি পূঁজ ওলাই থকাৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘদিনীয়া অসুখজনিত কাৰণতেই হাতীটো মৃত্যু মুখত পৰা বুলি সন্দেহ কৰা হৈছে।পৰৱৰ্ত্তী সময়ত জাগুন বন বিষয়া প্ৰমোদ ফুকনৰ নেতৃত্বত অহা এটা বন কৰ্মীৰ দল তথা পশু চিকিৎসা বিষয়া ড° দিবাকৰ শৰ্মা ঘটনা স্থলীত উপস্থিত হৈ বিভাগীয় ভাৱে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি স্বাভাৱিক মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে আৰু মৃত হাতীটো গাত খান্দি সৎকাৰ কৰে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটাঃ Date of published : 1 July, 2025