ফণীন্দ্ৰনাথ গায়নক জীৱনজোৰা সাহিত্য সাধনা বঁটা নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ
নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয়ে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰনাথ গায়নক প্ৰদান কৰিলে “জীৱনজোৰা সাহিত্য সাধনা বঁটা ৷ নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান সভাখনত পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি আৰু পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুলিন হাজৰিকা, “তৰা“ আলোচনীৰ সম্পাদক উজ্জ্বল জ্যোতি দাসকে ধৰি বহু কেইজনে লোকে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰনাথ গায়নৰ সামাজিক কৰ্মজীৱন আৰু সাহিত্যৰ ক্ষেত্ৰ খনৰ লগতে বিভিন্ন দিশত থকা অৱদান সন্দৰ্ভত আলোকপাত কৰে৷
পুৰণিগুদাম মুঢ়ানিস্থিত বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰনাথ গায়নৰ বাসগৃহত আজি অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সম্পাদিকা নিজৰা শইকীয়াই ৷ বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নক নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয়ে “জীৱনজোৰা সাহিত্য সাধনা বঁটাৰ সহ গামোচা, চেলেং, জাপি আৰু মানপত্ৰ প্ৰদান কৰে৷
উক্ত বঁটা প্ৰদান কৰা সভাখনত হৰিদেৱ মহন্ত, “বিচিত্ৰা“ কাব্যালোচনীৰ সম্পাদক নাৰায়ণ কলিতা, নগাঁও জিলা সন্মিলনীৰ সহকাৰী সম্পাদিকা অনিমা বৰা,নগাঁও জিলা সাহিত্য সন্মিলনীৰ সদৰ শাখাৰ সম্পাদক গুণ কান্ত শৰ্মা,সন্মিলনীৰ কলংপাৰ মহিলা শাখাৰ সভানেত্ৰী ড° টুলু মণি দেৱী, “তৰা“ আলোচনীৰ সম্পাদক উজ্জল জ্যোতি দাস ,পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সম্পাদক দ্বীপেন বৈৰাগী, পুৰনিগুদাম শতদল শাখা সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি দ্বীজেন্দ্ৰ মোহন শইকীয়া, সম্পাদক তিলক গায়ন ,সহ সম্পাদক বিৰিঞ্চি বৰা, পত্ৰিকা সম্পাদক চিত্তৰঞ্জন বৰা, পুৰণিগুদাম শাখা সাহিত্য সন্মিলনীৰ সভাপতি পুৰ্নান্দ ভূঞা, প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক তথা সাংবাদিক নীলৰঞ্জন শৰ্মা, পুৰণিগুদাম শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা সাহিত্যিক জগমোহন শৰ্মা, সাংবাদিক, সাহিত্যিক প্ৰমোদ কুমাৰ শৰ্মা,অনিল বৈৰাগী,প্ৰেমানন্দ বৈৰাগী, প্ৰমুখ্যে বহুকেইজন গণ্যমান্য লোক উপস্থিত থাকে ৷
নিয়মীয়া বাৰ্তা, চামগুৰিঃ Date of published : 1 July, 2025