2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত ভূঁই ৰোৱা-কঠীয়া বিতৰণ কাৰ্যসূচী বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ

চাংসাৰি আঠিয়াবৈত ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আকাংক্ষা কৃষি আত্ম সহায়ক গোটৰ সহযোগত ভূঁই ৰোৱা আৰু কঠীয়া বিতৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়

ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই কেইবাজনো কৃষকক কঠীয়া বিতৰণ কৰে তথা ভূঁই ৰোপন কৰে।

বিগত পাঁচটা বছৰে আকাংক্ষা কৃষি গোটে বানপীড়িত লোকৰ সকাহ হোৱাৰ উদ্দেশ্যে কঠীয়া বিতৰণ কৰি আহিছে। অসমৰ সকলো কৃষক মৰ্চাৰ সাংগঠনিক জিলা সমিতিক আহ্বান জনায় কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই এই অনুষ্ঠানত উত্তৰ কামৰূপ জিলাৰ আঠিয়াবৈত শুভাৰম্ভ কৰে।

ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কৃষকক উদগনি দিয়া কাৰ্যসূচী এয়াই নহয় সকলো সময়তে এনেধৰণৰ কাৰ্যসূচী পালন কৰি অহা হৈছে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত কৃষক মৰ্চা অসম প্ৰদেশে কৃষকৰ প্ৰতি সদায়ে কাম কৰি যাব বুলি ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

অনুষ্ঠানত অসম প্ৰদেশ কিষান মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, কৃষক মৰ্চাৰ উপ সভাপতি ৰাজেন্দ্ৰ নাথ, ৰাজ্যিক সম্পাদক অংকুৰ দত্ত, ৰাজ্যিক সমিতিৰ অসমী বৰা, হৃষিকেশ কলিতা, আকাংক্ষা কৃষি আত্মসহায়ক গোটৰ সভাপতি বুবুল ভৰালীৰ লগতে কৃষি সদস্যসকলৰ লগতে কেইবাগৰাকীও খেতিয়কৰ সৈতে ভূঁই ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Niyomiya Barta Desk, Date of published : 1 July, 2025

You might also like