আজিৰ দিনটোৰ ৰাশিফল
আজি ৩ জুলাই, আহাৰ মাহৰ ১৮ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : নানান প্রতিকূল পৰিস্থিতিৰ মাজেৰে দিনটো পাৰ হ’ব৷ স্বাস্থ্যত নানান অসুবিধা থাকিব৷ পাৰিবাৰিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ নিকটজনৰ লগত সম্পর্কৰ বিচ্ছেদ ঘটিব পাৰে৷ আর্থিক পৰিস্থিতি চিন্তাজনক হ’ব৷
বৃষ : দৈনন্দিন কর্মত সাফল্য আহিব৷ নিকটজনৰ লগত সম্পর্ক ভালেই থাকিব৷ বহুবিধ অনুকূল পৰিস্থিতিৰ ফলত এই ৰাশিৰ জাতক–জাতিকাৰ প্রাপ্তি খোজ পৰিলক্ষিত হয়৷ আর্থিক পৰিস্থিতি অলপ উন্নত হ’ব৷
মিথুন : পৰিৱেশ অনুকূলত থকাৰ ফলত এই ৰাশিৰ জাতক– জাতিকাৰ সন্মান লাভৰ সৌজন্য হ’ব৷ জীৱনত আনন্দ আৰু সম্প্রীতি বজাই থাকিব৷ শৰীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হ’ব পাৰে৷
কর্কট : বিৰূপ পৰিস্থিতিৰ চাপত আজি এই ৰাশিৰ জাতক–জাতিকাই অর্থনৈতিক সংকটত পৰাৰ আশংকা আছে৷ স্বাস্থ্যৰ অৱনতিৰ ফলত চিকিৎসকৰ পৰামর্শ ল’ব লগা হ’ব পাৰে৷ সাংসাৰিক জীৱনত মতভেদ৷
সিংহ : কর্মক্ষেত্রত সন্মান প্রাপ্তিৰ যোগ৷ শৰীৰ–স্বাস্থ্য বিশেষ ভালেৰে নাযাব৷ সাংসাৰিক জীৱনত আনন্দ আৰু সম্পর্কৰ উন্নতি ঘটিব৷ নিকটজনৰ লগত অন্তৰংগ বৃদ্ধি পাব৷ ব্যৱসায়–বাণিজ্যত লাভ যোগ৷
কন্যা : অনুকূল পৰিস্থিতিৰ কাৰণে এই ৰাশিৰ জাতক–জাতিকাৰ বিভিন্ন দিশত সাফল্য লাভৰ খোজ দেখা যায়৷ শৰীৰ–স্বাস্থ্য মোটামুটি ভালেই যাব৷ সাংসাৰিক জীৱনত শান্তি বজাই থাকিব৷
তুলা : এই ৰাশিৰ জাতক–জাতিকা সকলোৰ দিনটো শুভ ফলদায়ক হ’ব৷ ব্যৱসায়–বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ খোজ৷ সন্তানৰ কর্মপ্রাপ্তিৰ ফলত পিতৃ–মাতৃৰ মন আনন্দিত হ’ব৷
বৃশ্চিক : এই ৰাশিৰ জাতক–জাতিকাসকলৰ্ দিনটো মধ্যম ফলদায়ক হ’ব৷ পৰিপাক সংক্রান্ত কাৰণে শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷
ধনু : দৈনন্দিন কর্মত সাফল্য আহিব৷ এই ৰাশিৰ জাতক–জাতিকাৰ সন্তান সুখ দেখা যায়৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত দিনটো অত্যন্ত শুভ৷
মকৰঃ কর্মক্ষেত্রত জটিলতা দেখা দিব পাৰে৷ প্রতিকূল পৰিৱেশৰ কাৰণে এই ৰাশিৰ জাতক–জাতিকাসকলৰ্ দিনটো অশান্তিপূর্ণ হ’ব৷ শৰীৰ–স্বাস্থ্য বৰ ভালেৰে নাযাব৷ বিশেষ কামৰ বাবে কৰা চেষ্টাত বাধা৷
কুম্ভঃ কর্মক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ সাংসাৰিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ দিনটোত যোগাযোগৰ ক্ষেত্রত সাফল্য আহিব৷ অচিনাকি লোকৰ পৰা সতর্কতা অৱলম্বন কৰিব৷
মীনঃ কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত অনাৱশ্যক কাৰণত অর্থ আৰু মানহানিৰ যোগ৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফল৷ অর্থ হানি আৰু পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে৷