ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছ (জেই)–এ৷ বিগত বর্ষতকৈ ৬৫ শতাংশ লোক আক্রান্ত হৈছে এই ৰোগত৷ অতিপাত জ্বৰ, মূৰৰ বিষ, বমি, মানসিক অস্থিৰতা হৈছে এই ৰোগৰ কাৰক৷ উদ্বেগজনক হৈ পৰা জেইক লৈ স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা গ্রহণ কৰিছে যদিও বিশেষ সফলতা লাভ কৰা নাই৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত জেইত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৪গৰাকী ৰোগী৷ জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই প্রকাশ কৰা তথ্য অনুসৰি ৩৪গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে জেইত আক্রান্ত হৈ মৃত্যু হৈছে ১০জন লোকৰ৷ সর্বাধিক কামৰূপ জিলাৰ ১৪জন, নলবাৰী জিলাৰ ১০জন, দৰং জিলাৰ ৭জন আৰু কামৰূপ (মহানগৰ) জিলাৰ তিনিজন ৰোগী বর্তমান চিকিৎসাধীন হৈ আছে৷
উল্লেখ্য যে জাপানিজ এনকেফেলাইটিছৰ শেহতীয়াকৈ নলবাৰী, নগাঁও, দৰং, যোৰহাট, কামৰূপ, বৰপেটা আৰু ধেমাজিত বেয়াকৈ প্রাদুর্ভাৱ ঘটিছে৷ আনকি এই জিলাকেইখনত জেইত আক্রান্ত ৰোগীৰ সংখ্যাও সর্বাধিক৷ স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে ঔষধিকৰণ আঁঠুৱা বিলাইছে যদিও এই ৰোগৰ প্রাদুর্ভাৱ বৃদ্ধি হৈয়ে আছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এতিয়ালৈ মুঠ ৪০,২২১খন আঁঠুৱা এই জিলাকেইখনত বিতৰণ কৰা হৈছে৷
Niyomiya Barta Desk, Date of Published, 3 July, 2025