Student Visa মুকলি আমেৰিকাৰ, পিছে মানিব লাগিব কঠোৰ নিয়ম
ইয়াত স্পষ্টকৈ কোৱা হৈছে যে ছাত্ৰসকলে পাঠদান ব্যাহত কৰা, কেম্পাছৰ ক্ষতি কৰা বা আন যাত্ৰা সম্পর্কীয় নিয়ম উলংঘা কৰা কাৰ্যকলাপত লিপ্ত হ’ব নোৱাৰিব।
US Student Visa : আমেৰিকাই পুনৰ ছাত্ৰ ভিছাৰ আবেদন গ্ৰহণ আৰম্ভ কৰিছে যদিও আবেদনকাৰীসকলৰ বাবে এইবাৰ কঠোৰ নিয়ম আৰু পৰীক্ষা-নিৰীক্ষা আৰোপ কৰা হৈছে। বিশেষকৈ ভাৰতীয় ছাত্ৰ, যিসকলে প্ৰতিবছৰে আটাইতকৈ বেছি F1 ভিছাৰ বাবে আবেদন কৰে— তেওঁলোকে এই নতুন নীতিৰ বিষয়ে সতৰ্ক হ’ব লাগিব।
“ছাত্ৰসকলে কেৱল পঢ়াশুনাৰ উদ্দেশ্যেই ভিছা ব্যৱহাৰ কৰিব লাগিব,” — আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে এই কথা সদৰী কৰে। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে ছাত্ৰসকলে পাঠদান ব্যাহত কৰা, কেম্পাছৰ ক্ষতি কৰা বা আন যাত্ৰা সম্পর্কীয় নিয়ম উলংঘা কৰা কাৰ্যকলাপত লিপ্ত হ’ব নোৱাৰিব।
লগতে ইয়াকো কয়, “আমাৰ প্ৰতিটো ভিছা সিদ্ধান্ত ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয়। আমি উচ্চ মানদণ্ড বজাই ৰাখি ছাত্ৰসকলৰ ভিছা প্ৰদান কৰোঁ আমেৰিকান নাগৰিকৰ লগতে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে।”
Social Media Account এতিয়া কাঢা় নিৰীক্ষণত
Student Visaৰ আবেদনকাৰীক নিজৰ ছচিয়েল মিডিয়া একাউণ্ট ‘public’ কৰি আমেৰিকান চৰকাৰক চাব পৰা কৰিব লাগিব।
US State Department-এ সদ্য ঘোষণা কৰা নতুন নিয়ম অনুসৰি —
-
যিসকলে নিজৰ account গোপন কৰি ৰাখিব খোজে, তেওঁলোকৰ আবেদন নাকচ হ’ব পাৰে।
-
US চৰকাৰ, সংস্কৃতি, মূল্যবোধ বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে hostile post ধৰা পৰিলে, সেই applicant সন্দেহৰ সূত্ৰপাত হব পাৰে।
ভাৰতীয় ছাত্ৰৰ বাবে সতর্ক বার্তা
বিশ্লেষকৰ মতে, এই নতুন কঠোৰতা বিগত কেইমাহতো বিদেশী ছাত্ৰক ঘূৰাই পঠিওৱা ঘটনাৰ পিছত আহিছে। ভাৰতীয় ছাত্ৰসকলক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে—
-
ক্লাছ বা কেম্পাছত কোনো অপৰাধত জড়িত হ’ব নোৱাৰিব
-
ছচিয়েল মিডিয়াত অশোভন আচৰণ, বিতৰ্ক বা চৰকাৰবিৰোধী মন্তব্য এৰাই চলিব লাগিব
তথ্যসূত্র অনুসৰি, আমেৰিকাই মে’ মাহত সাময়িকভাৱে ছাত্ৰ ভিছাৰ প্ৰক্ৰিয়া স্থগিত কৰিছিল, যি এতিয়া পুনৰ আৰম্ভ কৰা হৈছে। যদিও নৱ আবেদনকাৰীৰ বাবে এইবাৰ নিয়ম অনেক কঠোৰ কৰা হৈছে।
Niyomiya Barta Desk, Date of Published, 3 July, 2025