কহিনুৰ থিয়েটাৰৰ ৫০সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ
অসমৰ নাট্য নগৰী হিচাপে পৰিচিত পাঠশালাত জন্ম হৈছিল অসমৰ সৰ্বোৎকৃষ্ট গণমাধ্যম হিচাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটাৰৰ৷ ১৯৬৩ চনত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত মঞ্চ প্ৰভাকৰ অচ্যুৎ লহকৰ সৃষ্ট নটৰাজ থিয়েটাৰৰ জন্মৰ লগে লগে অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ এক ধাৰা আৰম্ভ হৈছিল৷
এই থিয়েটাৰ গোষ্ঠীটোৱে অসমৰ সাংস্কৃতিক জগতত এক নতুন যুগৰ সূচনা কৰাৰ পিছতে ১৯৭৬ চনত আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম খনিকৰ প্ৰয়াত ৰতন লহকৰৰ প্ৰচেষ্টাত কহিনুৰ থিয়েটাৰে জন্ম লাভ কৰে৷ বহু ইতিহাসৰ সৃষ্টি কৰি কহিনুৰ থিয়েটাৰে এইবাৰ পদাৰ্পণ কৰিছে গোৰৱোজ্জ্বল ৫০ বছৰত৷৷সোনালী জয়ন্তীত পদাৰ্পণ কৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম মুকুটাস্বৰূপ নাট্যনগৰী পাঠশালাৰ কহিনুৰ থিয়েটাৰৰ ২০২৫-২৬ নাট্যবৰ্ষৰ আখৰাগৃহৰ শুভাৰম্ভ কৰা হয়৷
মাংগলিক অনুষ্ঠানেৰে পাঠশালাৰ জ্যোতিনগৰস্থিত কহিনুৰ থিয়েটাৰৰ স্থায়ী আখৰাগৃহত ৫০ সংখ্যক নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰে প্ৰযোজক তপন লহকৰে৷ ইয়াৰ পূৰ্বে প্ৰয়াত ৰতন লহকৰৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে প্ৰযোজক তপন লহকৰ সমন্বিতে শিল্পী আৰু কলাকুশলীসকলে৷
ইপিনে সন্ধিয়া অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম খনিকৰ, মঞ্চৰত্ন ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰৰ সোনা
ইপিনে নিশা আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰাৰ লগতে কেবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰি কহিনুৰ থিয়েটাৰৰ এই সোনালী যাত্ৰাৰ বাবে শুভকামনা জনায়৷
উল্লেখ্য যে অসমৰ ভ্রাম্যমাণ নাট্য জগতত বিগত ৪৯টা বছৰে নাট্যপ্রেমী ৰাইজৰ মাজত বিশেষ স্থান দখল কৰা প্রয়াত ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰে ১৯৮৮ চনত টাইটানিক নাটকেৰে ভ্ৰাম্যমাণ নাট্যজগতত নাট্যপ্রেমী ৰাইজৰ মাজত এক আলোড়ন সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।
এইবেলিও সোণালী জয়ন্তী বৰ্ষত নতুন ৰূপত মঞ্চস্থ হ’ব জেমছ কেমেৰুনৰ বিশ্ব প্রসিদ্ধ ছবি ‘টাইটানিক’ৰ আধাৰত প্ৰণৱ বৰুৱাৰ নাট্যৰূপেৰে ‘টাইটানিক’৷ প্রযোজক তপন লহকৰে তিনিখন মঞ্চত ‘টাইটানিক’ নাটকখন মঞ্চস্থ কৰাৰ প্রয়াস কৰিছে৷ টাইটানিকৰ লগতে কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়াৰ ‘প্রভু’ আৰু নাট্যকাৰ, পৰিচালক, অভিনেতা চম্পক শৰ্মাৰ ‘বকুলৰ বিয়া উৰুলি দিয়া’ নামেৰে অন্য দুখন নাটক।
সুদক্ষ প্রযোজক-পৰিচালক তপন লহকৰৰ নিখুঁত পৰিকল্পনাৰে নৱ প্ৰজন্মৰ এদল অভিনেতা-অভিনেত্রীক লগত লৈ সাজু হোৱা কহিনুৰ থিয়েটাৰৰ মঞ্চত আগন্তুক নাট্যবৰ্ষত অভিনয় কৰিবলৈ ইতিমধ্যে চুক্তিবদ্ধ হৈছে ভ্রাম্যমাণ নাট্যজগতৰ সুদক্ষ অভিনেতা মৃদুল চুতীয়া, ধ্রুব দাস, সুদর্শন নায়ক সিদ্ধান্ত কলিতা, শ্ৰীমন্ত মাধৱ দত্ত, ৰাজ ভৈৰৱ, জয়ন্ত জীৱন বৰুৱা, ৰাজদ্বীপ মহন্ত, সুমন ভৰদ্বাজ, জয়ন্ত শর্মা, জ্যেষ্ঠ অভিনেত্রী গিৰিজা মহন্ত মোহময়ী অভিনেত্রী অংকিতা শইকীয়া, ভায়োলিনা বৰুৱা আৰু জ্যোতিশ্রী আৰ ইউ বৈশ্যই৷
ইপিনে থিয়েটাৰ গোষ্ঠীটোৰ প্ৰযোজক তপন লহকৰ সমন্বিতে শিল্পী আৰু কলাকুশলী সকলে পাঠশালাৰ প্ৰগতি সংঘৰ চৌহদত থকা অচ্যুৎ লহকৰ আৰু ৰতন লহকৰৰ সমাধি ক্ষেত্ৰলৈ গৈ দুয়োগৰাকী মহীৰুহৰ প্ৰতিমুৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
নিয়মীয়া বাৰ্তা, পাঠশালা : Date of Published, 3 July, 2025