কর্তব্য আৰু দায়িত্ব
কর্তব্য আৰু দায়িত্ব শব্দ দুটিয়ে মানৱীয় জীৱনত গভীৰভাৱে ৰেখাপাত কৰে৷ কর্তব্য আৰু দায়িত্ববোধে এগৰাকী মানুহক মহান কৰি তোলে আৰু এই শব্দ দুটিক মাথোঁ শব্দ বুলি গণ্য কৰা ব্যক্তিজন অমানৱীয়, অযোগ্যৰ শাৰীলৈ পর্যৱসিত হয়৷ এসময়ত কর্তব্য আৰু দায়িত্ববোধক মানুহৰ সজগুণৰ ভিতৰত এটি শ্রেষ্ঠ বুলি দাবী কৰিছিল যদিও সাম্প্রতিক সময়ত ইয়াৰ মূল্যাংকন অৱনমিত হৈ পৰিছে৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ সকলো বিভাগীয় কার্যালয়ত৷ কোনো এগৰাকী ব্যক্তিয়ে বুকুত হাত থৈ ডাঠি ক’ব নোৱাৰে যে ৰাজ্য চৰকাৰৰ কার্যালয়সমূহত কর্তব্য আৰু দায়িত্বৰ উচিত মূল্যাংকন হৈছে৷ উচ্চপদস্থ বিষয়াৰ পৰা একেবাৰে নিম্নখাপৰ মাষ্টাৰৰোল কর্মীলৈকে কোনো এগৰাকী ৰাজ্য চৰকাৰৰ চাকৰিয়ালে কর্তব্য আৰু দায়িত্বক গভীৰভাৱে নলয়৷ ক’বলৈ গ’লে ল’ব নোখোজে কিম্বা নৈতিকতাৰ পতন ঘটি কর্তব্য আৰু দায়িত্বক জীৱনৰ অভিধানৰ পৰা মচি পেলাইছে, যাক অকপটে স্বীকাৰ নকৰাকৈ থাকিব নোৱাৰে৷ উদাহৰণস্বৰূপে ৰাজ্য চৰকাৰৰ চাকৰিয়াল এগৰাকী নির্ধাৰিত সময়ত কার্যালয় পাব লাগে– নাপায়৷ নির্ধাৰিত কামৰ বাবে তেওঁক এখন মেজ দিয়া হৈছে, কামখিনি কৰিব লাগে– নকৰে৷ কোনোবাই তেওঁক কাম কৰাৰ কথা ক’লে সময় নাই বুলি ফিতাহি মাৰি উত্তৰ দিয়ে৷ কার্যালয়ৰ নির্ধাৰিত কামতকৈ ব্যক্তিগত কামক বেছিকৈ প্রাধান্য দিয়ে ইত্যাদি ইত্যাদি নানান অভিযোগ আজি সাধাৰণ নাগৰিকৰ কথোপকথনত শুনা যায়৷ কথাখিনিৰ গুৰুত্ব নিশ্চয়কৈ নথকা নহয়৷ ৰাজ্য চৰকাৰে বেতন দি কর্মচাৰী এজনক নিয়োগ কৰিছে, সেই বেতনেৰে কর্মচাৰীৰ জীৱন নির্বাহ হোৱাৰ লগতে পৰিয়ালৰো জীৱন চলিছে৷ বেতনৰ উচিত মূল্যাংকন কৰি কর্মচাৰীজনে কার্যালয়ত সঠিক সময়ত উপস্থিত হোৱাটো প্রয়োজনীয়৷ নির্ধাৰিত কাম নির্ধাৰিত সময়ত কৰি দিব লাগে৷ উচিত সময়ত কার্যালয়ত উপস্থিত হোৱাটো, কর্তব্য আৰু কামখিনি ৰাইজক কৰি দিয়াটো দায়িত্ব৷ কিন্তু আজিৰ সময়ত ওলোটা প্রতিচ্ছবি দেখিবলৈ পাইছোঁ৷
কিছুমান কার্যালয়ত গ’লে এনেধৰণৰ ভাবে মনত খেলে যে কর্মচাৰীসকলে নিজৰ ঘৰৰ ধন খৰচ কৰি আহি চৰকাৰৰ কাম কৰি আছে, অর্থাৎ সমাজসেৱা কৰি আছে৷ সময়ে সময়ে কিছু কার্যালয়ত কর্মচাৰীসকলে নাগৰিকক তেনেধৰণৰ ভাব–ভংগী দেখুৱায়৷ এনেধৰণৰ কর্মচাৰীসকলে ৰাজ্য চৰকাৰৰ অপকাৰ কৰিতো আছেই, অসমৰ অসমীয়া জাতিটোকে পংগু কৰি গৈ আছে কর্তব্য আৰু দায়িত্ব পাহৰি কর্ম–সংস্কৃতিক নাশ কৰি গৈ আছে৷ নক’লে ভুল কৰা হ’ব, আশ্চর্যজনকভাৱে উৎকোচ দিলে আকৌ সেই শ্রেণীৰ কর্মচাৰীসকল মহান হৈ পৰে, উচিত সময়ত কার্যালয়ত হাজিৰ হ’ব, নির্ধাৰিত সময়ত নির্ধাৰিত কাম কৰি দিব৷ কিন্তু তেওঁলোকে এবাৰো ভাবি নাচাই যে সেই কামটো কৰাৰ বাবেই তেওঁক চৰকাৰে বেতন দিছে৷ কর্তব্য আৰু দায়িত্বক হেয়জ্ঞান কৰা দুঃখজনক কথা অসমৰ বাবে, অসমৰ অসমীয়া জাতিৰ বাবে৷ এই কথা উনুকিয়াব লাগিব যে যিসকলে নিজৰ কর্তব্য আৰু দায়িত্ব সঠিকভাৱে আগবঢ়াই আহিছে তেনে লোকক সমাজে সন্মান আৰু শ্রদ্ধা প্রদর্শন কৰা উচিত৷ এনে কৰিলে কর্তব্য আৰু দায়িত্বক লৈ আওকাণ কৰা চৰকাৰী কর্মচাৰীৰ মানসিকতা সলনি হোৱাৰ সম্ভাৱনা নথকা নহয়৷ ভোগবাদী সমাজত দায়িত্ব আৰু কর্তব্য সুচাৰুৰূপে পালন কৰা চৰকাৰী কর্মচাৰীৰ সংখ্যা হ্রাস পাই আহিছে৷ ইয়াৰ কাৰণ আধুনিকতাৰ কবলত পৰা সমাজ ব্যৱস্থাত প্রমূল্যবোধৰ অৱক্ষয় ঘটিছে৷ কর্তব্য আৰু দায়িত্বৰ প্রতি সজাগতা আৰু সচেতনতা অনাৰ বাবে ৰাজ্য চৰকাৰেও মাজে সময়ে কঠোৰ পদক্ষেপ লয় যদিও সেইবোৰ পিছলৈ শ্ল’গানৰ লেখিয়া হৈ পৰে৷ কর্তব্য আৰু দায়িত্ব কর্মচাৰীসকলক নিষ্ঠাসহকাৰে পালন কৰিবৰ বাবে নির্দেশ দিয়া হয় যদিও সেয়াও মাত্র কেইদিনমানৰ বাবে সঠিক হৈ থাকে৷ পিছলৈ কোনেও তেনে কথাক গুৰুত্ব নিদিয়া হয়৷ কর্তব্য আৰু দায়িত্বক অৱহেলা কৰি আমি নিজৰ লগতে দেশক, জাতিক ঠগি আছোঁ, যিয়ে অসমৰ ভৱিষ্যৎ প্রজন্মক কাল আন্ধাৰলৈ আগবঢ়াই নি আছে৷ দায়িত্ব আৰু কর্তব্য নিষ্ঠাসহকাৰে পালন কৰাতো ৰাজ্যৰ লগতে দেশৰ প্রগতিৰো কাৰণ৷ তদুপৰি দায়িত্বশীল আৰু কর্তব্য নিষ্ঠাৱান ব্যক্তিয়ে সমাজ এখনক সঠিক পথেৰে আগবঢ়াই নিয়াত অনুপ্রেৰণা যোগাব পাৰে৷ এই কথা ইতিবাচক হিচাপে সকলোৱে ভাবি লোৱাটো আমাৰ কাম্য৷