নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগচম্পাৰ পুলি ৰোপণেৰে  সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ নতুন অভিযান আৰম্ভ

বিশিষ্ট প্ৰকৃতিপ্ৰেমী,সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে আৰম্ভ কৰিছে এক বিশেষ অভিযান। বিভিন্ন মূল্যবান গছপুলি ৰোপণেৰে সেউজ বিপ্লৱৰ সূচনা কৰি অহা বৰকটকীৰ প্ৰচেষ্টাত বহু দুর্লভ গছ-গছনিৰ সমাহাৰ ঘটিছে শোণিতপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত।

ইয়াৰ মাজতে বৰকটকীয়ে এইবাৰ অভিযান আৰম্ভ কৰিছে নাগচম্পাৰ পুলি ৰোপণৰ। এই অভিযানৰ অংশ হিচাপে অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক সংস্থা ‘সেউজ ছচাইটী”ৰ উদ্যোগত শ্বহীদ নগৰী ঢেকিয়াজুলিত কেইবাটাও স্থানত নাগচম্পা পুলি ৰোপণ কৰা হয়।

শোণিতপুৰৰ গছ বিহুৰ প্ৰাঙ্গণ হিচাপে পৰিচিত পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহুস্থলীত  সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ নেতৃত্বত সেউজ ছচাইটী’ৰ ৰাজ্যিক সভাপতি সঞ্জয়  বৰুৱাৰ পৰিচালনাত ৰাজ্যিক কাৰ্যবাহী সদস্য সুশান্ত দত্ত, সংস্থাৰ ঢেকিয়াজুলি আঞ্চলিকৰ পৰিৱেশ কৰ্মী ডলী দাস আৰু মনময়ুৰী দাস সমন্বিতে সন্মিলনৰ সভাপতি গিৰিশ চন্দ্ৰ দাস, সম্পাদক দুলাল নাথে উক্ত অভিযানত সহযোগ কৰে।

আনহাতে দ্বিতীয় কাৰ্যসূচী অনুসৰি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত ঔষধি গুণযুক্ত মহামূল্যবান বৃক্ষ নাগচম্পা পুলি ৰোপণ কাৰ্যসূচীত সহযোগ কৰে ঢেকিয়াজুলি সম জিলা আপকুৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি নাথে।

উক্ত কাৰ্যসূচীত পৰিৱেশ কৰ্মী বাপধন দাস, ‘প্ৰকৃতি’ গোটৰ সম্পাদক মচিনুৰ ৰহমানৰ লগতে কেইবাগৰাকীও বিশিষ্ট পৰিৱেশকৰ্মীৰ উপস্থিতিত নাগচম্পাৰ অভিযান সম্পৰ্কে সৰ্প বিশেষজ্ঞ গৰাকীয়ে কয়, নাগচম্পা বহু ঔষধি গুণ থকা গছ। প্রাচীন কালৰেপৰা এনে উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্ৰতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। ইয়াৰ মৌলিক দিশ, যেনে- সুৰক্ষা, গুণগত মান আৰু কার্যক্ষমতাই স্বাস্থ্যসেৱাত উদ্ভিদ ভিত্তিক ঔষধৰ ভূমিকা নিশ্চিত কৰে।

সাধাৰণতে ‘কেননবল’ গছ বুলি জনাজাত এইবিধ গছ ‘ব্রাজিল-বাদাম পৰিয়াল’ৰ সদস্য। এন্টিবায় ‘টিক, এন্টিচেপ্টিক, এন্টি-ইনফ্লেমেটৰী, এপ্টিমাইক্র ‘বিয়াল, এন্টিমাইক্ৰ’ বেক্টেৰিয়েল, এন্টিআর্থাইটিক, এন্টিবায়’ফিল্ম, এন্টিডায়েৰিয়াল, এন্টিফার্টিলিটী, এন্টিপাইৰেটিক, এন্টিস্ট্রেছ, এণ্টিটিউমাৰ, এন্টিআলচাৰ নাগচম্পাৰ পুলি ৰোপণেৰে এন্টিডার্মেট ফাইটিক আদি বহু গুণৰ বাবে কেননবল গছে আজি বিশ্বজুৰি চর্চা লাভ কৰিছে।

গছৰ প্ৰায় সকলো অংশই পৰম্পৰাগতভাৱে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছে। সমগ্র অসমতে জৰীপ কৰোঁতে প্রায় ৭ জোপা এই প্ৰজাতিৰ গছ পোৱা বুলি প্রকাশ কৰে বৰকটকীয়ে। উল্লেখযোগ্য যে বিগত বৰ্ষত অসমৰ কেইবাখনো জিলাত নাগচম্পা ৰোপণ কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে।ঢেকিয়াজুলিতো আৰম্ভ হৈছে নাগচম্পাৰ দ্বিতীয় পৰ্যায়ৰ বৃক্ষ ৰোপণ । শ্ব

হীদ নগৰী ঢেকিয়াজুলিৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ নাগচম্পা ৰোপণৰ বীজ ইতিমধ্যেই জ্যেষ্ঠ বন বিষয়া পি শিৱ কুমাৰে প্ৰেৰণ কৰিছিল তেজপুৰলৈ। আগন্তুক ১/২ মাহৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে নাগচম্পা বৃক্ষ ৰোপণ কৰি এক বৃক্ষ আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে।

উল্লেখ্য যে ২০১৭ বৰ্ষৰ পৰা আজিলৈকে নাগচম্পা ৰোপণৰ ক্ষেত্ৰত বৰকটকীয়ে কোনো চৰকাৰী অনুদান কিম্বা বেচৰকাৰী সহায় নোলোৱাকৈ নিজাববীয়াকৈ ৰোপন কৰি আহিছে নাগচম্পা। ৰাজ্যজুৰি এই নাগচম্পাৰ পুলি ৰোপণৰ অভিযান চলিব বুলি জানিবলৈ দিয়ে প্ৰকৃতিপ্ৰেমী বৰকটকীয়ে।

বিশেষ বাৰ্তা,ঢেকীয়াজুলি : Date of Published, 8 July

You might also like