শ্ৰীভূমিৰ ৰাইজে আটক কৰিলে বাংলাদেশী গৰু চোৰ, উত্তপ্ত পৰিস্থিতি
শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত আদমটিলা বাগিচাত এটা বাংলাদেশী গৰু চোৰ আটক কৰে স্থানীয় ৰাইজে। পুনৰ উন্মোচন হ’ল সীমান্ত সুৰক্ষাৰ ফোঁপোলা স্বৰূপ। বাংলাদেশী গৰু চুৰ আটক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
বাংলাদেশী গৰু চোৰক বিএছএফে ৰক্ষাণাবেক্ষণ দিয়াৰ অভিযোগত উত্তপ্ত হৈ উঠে পৰিস্থিতি।স্থানীয় শিয়া শঙ্কৰ কৈৰিৰ ঘৰৰ পৰা তিনিটা গৰু চুৰি হৈছিল। গাঁৱৰ ৰাইজে গৰু বিছাৰি বাগানৰ চাৰিওফালে ওলাই। কতো বিচাৰি পোৱা নাছিল চুৰি হোৱা গৰুকেইটা। হঠাৎ দেখা পায় বাংলাদেশী গৰু চোৰ এটাক।
লগে লগে গৰু চোৰটোক ৰাইজে ধৰি উত্তম মাধ্যম সোধায়। সেই সময়তে ১৭১নং বেটেলিয়ানৰ মোহনগুল কেম্পৰ পৰা বিএছএফৰ জোৱান আহি বাংলাদেশী জনক উদ্ধাৰ কৰি গাড়িত উঠাই লৈ যাবলৈ চেষ্টা চলায়। ইয়াকে লৈ চৰম বিক্ষোভৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ মাজত। বিএছএফে বাংলাদেশী জনক ৰক্ষাণাবেক্ষণ দিয়াৰ অভিযোগ কৰে ৰাইজে।
বাংলাদেশীজনক অসম আৰক্ষীৰ হাতত গতাই দিয়াৰ দাবীত প্ৰায় দুঘণ্টা লৈকে বিএছএফৰ গাড়ী আবদ্ধ কৰি ৰাখে ৰাইজে। ধৃত লোকজনৰ পৰা ৰচি, টৰ্চ সহ কিছু পৰিমাণে বাংলাদেশী নথি-পত্ৰ উদ্ধাৰ হয়। লোকজনে ৰাইজৰ জেৰাৰ আগত স্বীকাৰ কৰে তেওঁৰ নাম জহিৰ উদ্দিন, ঘৰ বাংলাদেশৰ বড়লেখাত। স্থানীয় জোৰবাৰি এলাকাৰ হুছেইন নামৰ এগৰাকীয়ে তেওঁক সহায় কৰে।
উল্লেখযোগ্য যে, পাথাৰকান্দি এলাকা ভাৰত বাংলাদেশ সীমান্তৰ আদমটিলা, পুতনী, ভুবৰিঘাট সহ বিস্তৃৰ্ন এলাকাৰ চাহ বাগিচাত সঘনাই এনে ঘটনা সংঘটিত হৈ থাকে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিএছএফৰ একাংশ জোৱান জৰিত থকাৰ অভিযোগো দীৰ্ঘদিনৰ পৰা কৰি আহিছে। আজিও চোৰজনক ৰক্ষানাবেক্ষন দিয়াৰ অভিযোগ কৰি ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত ৰাইজৰ সৈতে দীৰ্ঘ বাক বিতণ্ডাৰ পাছত বিএছএফে ধৃত বাংলাদেশী গৰু চোৰটোক নিজৰ কেম্পলৈ লৈ যায়।
নিয়মীয়া বাৰ্তা, শ্ৰীভূমিঃ Date of Published, 8 July