চিৰাঙত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ মুকলি মুখ্যমন্ত্ৰী-ৰ
বিটিআৰত বিজেপিয়ে যিকেইটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব জিকিবৰ বাবেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও তেঁও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে।
চিৰাঙত মুখ্যমন্ত্ৰী : আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত চিৰাং জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্য্যালয় ভৱনৰ দ্বাৰ উন্মোচন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় যে বিটিআৰৰ ওদালগুৰিক বাদ দি সকলো ঠাইতে বিজেপিৰ জিলা কাৰ্যালয় নিৰ্মাণ কৰা হ’ল। অহা এক-দেৰ মাহ মানৰ ভিতৰত ওদালগুৰিতো বিজেপিৰ জিলা কাৰ্য্যালয় নিৰ্মাণ কৰা হ’ব।
বিটিআৰত বিজেপিয়ে যিকেইটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব জিকিবৰ বাবেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও তেঁও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে।
ইপিনে ধুবুৰীৰ বিলাসীপাৰা, চাপৰ অঞ্চলত চলি থকা উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে নব্বৈ শতাংশ মানুহে উচ্ছেদ সন্দৰ্ভত চাপৰ্ট কৰিছে। উচ্ছেদ কৰা অঞ্চলত উদ্যোগ স্থাপন হলে ৰাইজৰে উপকাৰ হব।
উচ্ছেদত দহ শতাংশ ৰাইজে বিৰোধিতা কৰিছে যদিও শান্তিপুৰ্ণভাবে উচ্ছেদ অভিযান চলিছে।
আমছুৱে উচ্ছেদ সন্দৰ্ভত কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে উচ্ছেদতকৈ মানৱীয় বুলি কথা নাই। নটিচ দিয়াৰ পিছত যদি কোনোবাই আঁতৰি নাযায়, তেনেহলে মেচিনৰ দ্বাৰা ভাঙিব লাগিব।
আনহাতে এই উচ্ছেদ সন্দৰ্ভত আমছুৱে জংগী আন্দোলন কৰিব বুলি কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰে যে তেওঁলোকে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা লম।
নিয়মীয়া বাৰ্তা, কাজলগাঁও : Date of Published, 9 July, 2025