নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংঘর্ষময় জীৱনেৰে ইংলেণ্ডত উজলিল আকাশ দীপ

ক’ভিডত পিতৃ-মাতৃ-জ্যেষ্ঠ ভাতৃৰ মৃত্যু, ভগ্নীয়ে যুঁজি আছে কর্কটত

আকাশ দীপ : বার্মিংহাম টেষ্টত টীম ইণ্ডিয়াৰ ঐতিহাসিক জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা পেচ বলাৰ আকাশ দীপৰ জীৱনটো সংঘর্ষৰে ভৰা৷ বার্মিংহামত দুর্দান্ত প্রদর্শন দাঙি ধৰি ইটোৰ পিছত সিটো অভিলেখ গঢ়া বংগৰ তাৰকা পেচ বলাৰগৰাকীয়ে আজি এই স্থানত উপনীত হ’বলৈ কৰিবলগীয়া হৈছিল কঠোৰ সংগ্রাম৷

পিতৃ–মাতৃক মিছা কথা কৈ ক্রিকেট খেলিবলৈ আৰম্ভ কৰিছিল আকাশ দীপে৷ পৰিয়ালক মিছা কথা কৈ বেংগালুৰুলৈ ক্রিকেট প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ যোৱা আকাশ দীপে এই দিনটোৰ বাবে সুদীর্ঘ ৫ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল৷

বার্মিংহাম টেষ্টত তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহৰ স্থানত ভাৰতীয় দলত খেলাৰ সুযোগ লাভ কৰা আকাশ দীপে সুযোগৰ সদ্ব্যৱহাৰ কৰিছিল আৰু টেষ্টখনত মুঠ ১০টা উইকেট দখল কৰি ভাৰতীয় দলৰ জয়ত অন্যতম ভূমিকা পালন কৰিছিল৷

পিতৃ–মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ সমষ্ট দায়িত্ব পালন কৰিছিল আকাশ দীপে৷ মহামাৰী ক’ভিডত প্রাণ হেৰুৱায় আকাশৰ পিতৃ–মাতৃৰ লগতে জ্যেষ্ঠ ভাতৃয়েও৷ এতিয়া জ্যেষ্ঠ ভগ্নীয়ে যুঁজি আছে কর্কট ৰোগৰ সৈতে৷ ভগ্নী জ্যোতি সম্প্রতি কর্কট ৰোগৰ তৃতীয় ষ্টেজৰ সৈতে যুঁজি আছে৷

কিমান সংঘর্ষময় জীৱন অতিবাহিত কৰি বার্মিংহাম টেষ্টত প্রথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৬টা উইকেট দখল কৰি সকলোকে আপ্লুত কৰি তোলা আকাশ দীপক খেলৰ অন্তত বঁটা প্রদান অনুষ্ঠানত আমন্ত্রণ জনোৱা হৈছিল৷ বঁটা প্রদান অনুষ্ঠানত আবেগিক কণ্ঠেৰে আকাশ দীপে কৈছিল যে তেওঁৰ এই সাফল্য কর্কট ৰোগত আক্রান্ত ভগ্নীৰ বাবে উৎসর্গা কৰিছে৷

যোৱা দুমাহ ধৰি তেওঁৰ ভগ্নী জ্যোতিয়ে কর্কট ৰোগত আক্রান্ত হৈ আছে৷ বর্তমান ভগ্নীৰ স্বাস্থ্যৰ অৱস্থা ভাল আৰু সুস্থিৰ বুলি উল্লেখ কৰি ২৮ বছৰীয়া তাৰকা পেচ বলাৰগৰাকীয়ে কয় যে তেওঁৰ এই সকলো সাফল্য ভগ্নীৰ নামত উৎসর্গা কৰিছে৷ ইফালে, ভাতৃ আকাশ দীপৰ প্রদর্শনক লৈ ভগ্ণী জ্যোতি গৌৰৱান্বিত

এক সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত জ্যোতিয়ে কয় যে আকাশে দেশক গৌৰৱান্বিত কৰিছে৷ মই মোৰ ভাইটিক লৈ গৌৰৱান্বিত৷ মই তেওঁক এটা কথা কৈছোঁ, মই ভালে আছোঁ৷ মোৰ বাবে চিন্তা কৰিব নালাগে৷ এনেদৰেই তুমি দেশ জয় কৰা৷ জ্যোতিয়ে কল্পনা কৰিব পৰা নাছিল যে আকাশ দীপে টেলিভিছনৰ সন্মুখত ভগ্নীৰ অসুস্থতাৰ কথা ঘোষণা কৰিব৷

জ্যোতিয়ে কয় যে মই কল্পনাও কৰিব পৰা নাছিলোঁ যে আকাশে সেই সকলোবোৰ ক’ব৷ আচলতে আমি এতিয়াও সাজু হোৱা নাই৷ সেইবাবে মই কাকো কোৱা নাই৷ কিন্তু হয়তো সি নিজৰ আবেগক ধৰি ৰাখিব নোৱাৰিলে৷ আকাশে এইটোৱে বুজাইছে যে তেওঁ মোক কিমান ভাল পায়৷ পৰিয়ালত মই তেওঁৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তি৷

উল্লেখ্য যে আকাশ দীপে তেওঁৰ ক্রিকেট কেৰিয়াৰ গঢ়াৰ বাবে বহু ত্যাগ কৰিবলগীয়া হৈছিল৷ বিহাৰৰ চাচাৰামৰ পুত্র আকাশ দীপে বিহাৰৰ ক্রিকেটৰ আন্তঃগাঁথনিৰ অভাৱৰ বাবে কলকাতালৈ গুচি আহিছিল আৰু বংগ ক্রিকেটত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷

Niyomiya Barta Desk, Date of Published, 9 July, 2025

You might also like