নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় কিষাণ সংঘৰ মধুপুৰ খণ্ডৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ

বানেকুছি- ডাঙ্গুৱাপাৰাৰ পথাৰত কৃষক আৰু ৰোৱনীৰ ৰূপত নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী

বোকা পানী গছকি পথাৰত পাৱাৰ টিলাৰেৰে হালবোৱা আৰু ধানৰ কঠীয়া ৰোৱাত ব্যস্ত নলবাৰীৰ জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী। নলবাৰী জিলাখনৰ নৱগঠিত টিহু বিধান সভা সমষ্টিৰ বানেকুছি-ডাঙ্গুৱাপাৰাৰ খেতিপথাৰত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত মধুপুৰ খণ্ডৰ উদ্যোগত অনুষ্ঠিত হ’য় ভূঁই ৰোৱা উৎসৱ৷

উক্ত উৎসৱত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে অতিথি হিচাপে উপস্থিত থাকি প্ৰখৰ ৰ’দত পথাৰত খেতিয়কৰ সৈতে পাৱাৰ টিলাৰেৰে হাল বাই আৰু ভূঁই ৰুই  অৰ্থাৎ ধানৰ কঠীয়া ৰুই  স্থানীয় খেতিয়ক সকলক উৎসাহ- উদ্দিপনা যোগাই৷

আয়ুক্তগৰাকীয়ে খেতি পথাৰত নামি হাল বোৱা আৰু ভুঁই ৰোৱাক লৈ স্থানীয় কৃষকসকল  যথেষ্ট উৎসাহিত হৈ পৰে। আনফালে আয়ুক্ত গৰাকীয়ে বহু সময় খেতিয়ক সকলৰসৈতে কটাই ল’ৰালিতে কৰা খেতিৰ স্মৃতি ৰোমন্থন কৰে৷লগতে আজি ৰোৱা কঠিয়া লহপহকৈ বাঢ়ি আঘোণৰ পথাৰে সফলতাৰ সোণালী হাঁহি মাৰিব বুলি আশা প্ৰকাশ কৰে আয়ুক্ত গৰাকীয়ে৷

ইয়াৰ উপৰিও আয়ুক্ত গৰাকীয়ে যুৱ প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি মনোনিবেশ কৰিবলৈ আহ্বান জনায়।আনফালে উপস্থিত একাংশ কৃষকে আয়ুক্তগৰাকীক জিলাখনৰ কৃষকৰ সমস্যা সমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা জনপ্ৰিয় কৃষক সংগঠক ধ্ৰুৱ মেধিয়ে আঁত ধৰি পৰিচালনা কৰা তথা বানেকুছিৰ ৰাজহ চক্ৰ বিষয়া ড° সংগীতা শৰ্মা,নলবাৰী জিলা কৃষি বিষয়া প্ৰবীণ মেধি, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া অম্বিকা শৰ্মা, ভাৰতীয় কিষাণ সংঘৰ নলবাৰী জিলা সমিতিৰ সভাপতি তপন ডেকা, ভাৰতীয় কিষাণ সংঘৰ মধুপুৰ খণ্ডৰ সভাপতি হৰগোবিন্দ বৰ্মন, বৰক্ষেত্ৰীৰ সভাপতি নৃপেন বৈশ্যৰ লগতে কিষাণ সংঘৰ বহুকেইগৰাকী বিষয়ববীয়া, সদস্যৰ লগতে স্থানীয় কৃষক ৰাইজ উপস্থিত থকা অনুষ্ঠানত আয়ুক্তগৰাকীক ভাৰতীয় কিষাণ সংঘৰ তৰফৰ পৰা গামোচা, হালোৱা জাপি,জাতীয় ফল নেমু টেঙা আৰু নৱদ্বীপা অৰ্গেনিক FPC ৰ উৎপাদিত সৰিয়হ তেল, আটা, বেচন আদিৰে আদৰণি জনোৱা হ’য়৷

শেষত আয়ুক্ত গৰাকীয়ে খেতিয়কসকলৰ লগত পথাৰতে জলপান গ্ৰহণ কৰি ভাৰতীয় কিষাণ সংঘৰ কৰ্মকৰ্তা সকলে কৰা কাৰ্য্যক প্ৰশংসা কৰাৰ লগতে আটাইকে ধন্যবাদ জনায়৷

নিয়মীয়া বাৰ্তা, কৈঠালকুছি : Date of Published, 9 July, 2025

You might also like