ৰাজ্যত কুখ্যাত নাৰী সৰবৰাহকাৰীৰ চক্ৰ ক্ৰমাৎ সক্ৰিয় হৈ পৰাৰ সময়তে পশ্চিম বংগত নলবাৰী আৰক্ষীয়ে বৃহৎ সফল অভিযান চলাই নাবালিকা সহ তিনি যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে উদ্ধাৰ হোৱা নাবালিকা সহ তিনি যুৱতীৰ ভিতৰৰ ইয়াৰে নলবাৰী, ডিমাপুৰ আৰু বিহাৰৰ আছে।নলবাৰী সদৰ থানাৰ টাউন ডাৰোগা লাটুমণি শৰ্মাৰ নেতৃত্বত পাচজনীয়া এটা দলে বৃহস্পতিবাৰে পশ্চিমবংগলৈ ৰাওনা হৈ আজি নিচেই পুৱাই উদ্ধাৰ হোৱা মহিলাৰ লগতে কিশোৰী সহ তিনি যুৱতীকলৈ নলবাৰী সদৰ থানাত উপস্থিত হয়।
ইতিমধ্যে ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে ৰুজু কৰা ২১৯/২৫ নম্বৰ গোচৰৰ ভিত্তিত পশ্চিম বংগৰ ইছলামপুৰ জিলাৰ পাঞ্জিপাৰাৰ চফি বেগম নামৰ কুখ্যাত নাৰী সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।
ইপিনে,দুমাহ ধৰি নিৰুদ্দেশ হৈ থকা নলবাৰী আলোকপুৰৰ সুনীতা ৰাজবংশী(২৪),ডিমাপুৰৰ শান্তি তাতী(১৮) আৰু বিহাৰৰ ছাহিদা বেগম(২১) কো উদ্ধাৰ কৰি সম্প্ৰতি নলবাৰী সদৰ থানাৰ আৰক্ষীৰ জিন্মাত ৰাখিছে।আৰক্ষীৰ এটা সূত্ৰই সদৰি কৰা মতে,উক্ত পাঞ্জিপাৰা অঞ্চলটো এক ভয়ংকৰ আৰু অতি স্পৰ্শকাতৰ হিচাপে পৰিচিত ঠাই।
তাত থকা নাৰী সৰবৰাহৰ ঘাটিটোত বহু নাৰী আবদ্ধ হৈ আছে।বহিঃৰাজ্যৰ পৰা বিভিন্ন নাৰীক কৰ্মসংস্থাপনকে ধৰি বিভিন্ন প্ৰলোভন দি নানা কৌশল খটুৱাই কুখ্যাত চক্ৰই সৰবৰাহ কৰে উক্ত ঘাটিলৈ।তেনে ঘাটিলৈ যোৱা ভুক্তভোগী নাৰীৰ বাবে ওলাই অহাৰ পথ বন্ধ হৈ পৰে।অৱশেষত নলবাৰী আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ সহযোগত উক্ত ঘাটিৰ পৰা তিনি কুখ্যাত নাৰী চক্ৰৰ কবলত পৰা তিনি নাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্যযে,যোৱা মাহত নাৰী ব্যবসায় চক্ৰৰ কৱলত পৰা নলবাৰীৰ এজনী নাবালিকাক বহিঃৰাজ্যৰ পৰা নলবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ৰাজস্থানৰ চুৰু জিলাৰ পৰা ৰাজস্থান আৰক্ষীৰ সহযোগত এটি নাবালিকাক উদ্ধাৰ কৰে নলবাৰী আৰক্ষীয়ে।
উক্ত ঘটনা সূত্ৰে জানিব পৰা মতে, আৰক্ষীয়ে মুকালমুৱাৰ ৰেকিবুল আলী নামৰ এজনে কিছুদিন পূৰ্বে এজনী নাবালিকাক ফুছুলাই নি বহিঃৰাজ্যৰ কুখ্যাত নাৰী ব্যবসায় চক্ৰৰ ওচৰত বিক্ৰী কৰে।পিছত এই সন্দৰ্ভত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ভাঙনামাৰি থানাত ১২/২৫ নম্বৰত পঞ্জীয়নভুক্ত এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান।
বিশেষ বাৰ্তা, নলবাৰীঃ Date of Published, 5 July