নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইবাশ কোটি টকা লৈ পলায়ন দম্পতীৰ, বলীউড ছবি ফিৰ হেৰা ফেৰী ষ্টাইলত কেলেংকাৰি

অৱশেষত কেৰালাৰ দম্পতীহালে বেংগালুৰুৰ পৰা পলায়ন কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে

বলীউডৰ ছবি ফিৰ হেৰা ফেৰী-ৰ টমী আৰু চিনিৰ লেখীয়াই কেৰালাৰ দম্পতীহালে বেংগালুৰুত চিট ফাণ্ড চলাই থাকি অৱশেষত কেইবাশ কোটি টকা লৈ পলায়ন কৰে৷

এএণ্ডএ চিটছ এণ্ড ফাইনেঞ্চ নামৰ কোম্পানী এটা বিগত ২৫ বছৰে ৰামামূর্তি নগৰত চলাই থাকি বিনিয়োগকাৰীৰ পৰা কেইবাশ কোটি টকা সংগ্রহ কৰে৷ বিনিয়োগকাৰীক ১৫ৰ পৰা ২০ শতাংশ সুদৰ হাৰত ধন ওভতাই দিয়াৰ প্রতিশ্রুতিৰে বছৰ বছৰ ধৰি বিত্তীয় প্রতিষ্ঠানটো চলাই থাকি অৱশেষত কেৰালাৰ দম্পতীহালে বেংগালুৰুৰ পৰা পলায়ন কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ৰামামূর্তি নগৰ থানাত বিনিয়োগকাৰীয়ে দাখিল কৰা অভিযোগ অনুসৰি টমী আৰু চিনিয়ে শিশুৰ শিক্ষা, বিবাহ, চিকিৎসা ব্যয় আদিৰ প্রলোভনেৰে তেওঁলোকৰ প্রতিষ্ঠানটোত ধন বিনিয়োগ কৰায় আৰু পাছলৈ কিছুসংখ্যকক অলপ অলপ ধন দি আস্থা গঢ়ি তোলে৷ এই আস্থাৰ জৰিয়তে কেইবাশ কোটি টকা লৈ পলায়ন কৰে৷

Niyomiya Barta Desk, Date of Published, 9 July, 2025

You might also like