এবাৰ এবাৰকৈ দুবাৰ পৰকীয় প্ৰেমত পৰি পলাই গৈছিল পত্নী। পৰকীয়া প্ৰেমত সকলো দিশে নিতৌ নিজৰ স্বামী সন্তান এৰি প্ৰেমিকৰে পলাই যোৱা ঘটনা বৃদ্ধি পাব ধৰিছে এইখন অসমত। পত্নীয়ে পৰকীয় প্ৰেমিকৰ লগত নতুন ঘৰ ৰচা কাহানীয়ে বহুতো পুৰুষে কেতিয়াবা সংবাদ মাধ্যমৰ যোগে ওভোতাই বিচাৰে পত্নীক।
কিন্তু এইবাৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত ঘটিছে এক আজৱ ঘটনা। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব পাই আনন্দ উল্লাস এজন স্বামীৰ। এবাৰ এবাৰকৈ দুবাৰ পৰকীয় প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনী ভাবে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এজন স্বামী। বাল্টিয়ে বাল্টিয়ে গাখীৰ লৈ গা ধুই মুক্ত মনেৰে কেমেৰাৰ সন্মুখত কলে “আজিৰ পৰা মই মুক্ত ।”
চাৰিটা বাল্টিত ৪০ লিটাৰ গাখীৰ লৈ গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মানিক আলীয়ে। এই ঘটনা সংঘটিত হৈছে মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰলিয়াপাৰত। স্বামীৰ ভাস্য অনুসৰি, পত্নীয়ে অন্য পুৰুষৰ সৈতে বাৰে বাৰে পৰকীয় প্ৰেমিকৰে পলাই গৈ থাকে। পত্নীক বাধা দি ৰাখিব নোৱাৰে মানিক আলীয়ে।
কিন্তু মানিক আলীয়ে কন্যা সন্তান এটি থকাৰ হেতুকে বাৰে বাৰে পত্নীৰ সকলো ভূল ক্ষমা কৰি আকোঁৱালি লৈ আহিছিল যদিও পত্নীয়ে সেই একে ভূলে বাৰে বাৰে কৰি আহিছিল। যাৰ বাবে দুয়ো দুয়োৰে ভূলৰ বাবে আইনৰ কাষ চাপিব লগীয়া হৈছিল। আৰু অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হয়। বিবাহ বিচ্ছেদৰ আনন্দত স্বামীয়ে ৪০ লিটাৰ গাখীৰে গাই ধুই নিজকে আমাৰ কেমেৰাৰ আগত কলে আজিৰ পৰা মই মুক্ত।
মুক্ত বুলি মত প্ৰকাশ কৰি মানিক আলীয়ে কলে মাইকী জনীয়ে বাৰে গৈ থকাত মনত বোজা হৈ আছিল ।
Niyomiya Barta Desk, 12 July, 2025