আজিও সন্ধান নোলাল যশস্বী সংগীতশিল্পী ৰমেন বৰুৱা-ৰ
অসমীয়া ছবি জগতত নিজৰ সুৰীয়া কণ্ঠেৰে কেইবা দশকজুৰি বহুকেইটা কালজয়ী গীত উপহাৰ দিয়া বিশিষ্ট শিল্পী, সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ এবছৰ হবৰ হল
সন্ধানহীন ৰমেন বৰুৱা : মানুহজন নোহোৱা হবৰ প্ৰায় এবছৰ হল। পিছে আজিলৈকে কোনো শুংসূত্ৰই নাপালে আৰক্ষী কিম্বা পৰিয়ালৰ লোকে। কত হেৰাই গল এই খেয়ালি মনৰ মানুহগৰাকী। কল্পনাতীত এক ঘটনাই যেন সংঘটিত হল তেওঁৰ লগত। কিয়নো যিগৰাকী ব্যক্তি সততে সমাজৰ লগত জড়িত, সেই মানুহগৰাকীয়ে কাকো একো নজনোৱাকৈ হঠাত কৰবাত হেৰাই গল। হয় কব খুজিছো প্ৰখ্যাত বৰুৱা পৰিয়ালৰ অন্যতম তথা সংগীতশিল্পী ৰমেন বৰুৱাৰ কথা। যিগৰাকী ব্যক্তি হঠাতে কত গুচি গল নে অন্য কিবা সেয়া আজি এটা বছৰে সম্পূৰ্ণ অজ্ঞাত হৈয়ে ৰল। না প্ৰশাসন, না পৰিয়াল, না শুভাকাংক্ষী ব্যক্তিৰ চকুত পৰিল কৰবাত ৰমেন বৰুৱাৰ উপস্থিতি। নে ৰমেন বৰুৱাই বাস কৰিছে এক অজ্ঞাত জীৱন, সেয়া মাত্ৰ এক সাঁথৰ হিচাপে ওলমি ৰৈছে সকলোৰে মনত।
লগতে পঢ়ক পাহৰিলেই নেকি? ৰমেন বৰুৱা নিৰুদ্দিষ্ট হোৱাৰ ৪০ দিন পাৰ হ’ল
অসমীয়া ছবি জগতত নিজৰ সুৰীয়া কণ্ঠেৰে কেইবা দশকজুৰি বহুকেইটা কালজয়ী গীত উপহাৰ দিয়া বিশিষ্ট শিল্পী, সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ এবছৰ হবৰ হল। লতাশিলৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ বৰ্তমান পর্যন্ত শিল্পীগৰাকী উভতি নহাত চৌদিশে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চি চি টিভি ফুটেজত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আশে-পাশে খোজকাঢ়ি থকা দেখিবলৈ পোৱা গৈছিল বিশিষ্ট সংগীত পৰিচালকগৰাকীক। তদুপৰি ব্ৰহ্মপুত্ৰৰ দিশে আগবাঢ়ি যোৱাও দেখিবলৈ পোৱা গৈছে। সেইসূত্ৰে বৰ্তমান পৰ্যন্ত ৰমেন বৰুৱাৰ কোনো সন্ধান পোৱা হোৱা নাই। বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ ব্ৰহ্মপুত্ৰৰ পাৰত মোবাইল ফোনৰ শেষ লোকেচন ধৰা পৰিছিল। সেইদিনা পুৱা প্রায় ১০.৩০ বজাত তেওঁ গা–পা ধুই সাধাৰণভাৱে ঘৰৰ পৰা ওলাই গৈছিল৷ শাৰীৰিকভাৱে কোনোধৰণৰ অসুস্থতাও তেওঁৰ নাছিল৷ সাধাৰণতে সদায়ে এই সময়খিনিত তেওঁ লতাশিল গণেশ মন্দিৰলৈ যায়৷ মন্দিৰটোৰ পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ সুবাদতে প্রায়েই তালৈ গৈ কাম–কাজৰ তদাৰক কৰিছিল ৰমেন বৰুৱাই৷ প্রথমাৱস্থাত পৰিয়ালে কথাটো সাধাৰণভাৱে লৈছিল যদিও শিল্পীগৰাকীৰ জীয়াৰী বর্ণিকা বৰুৱাই দিনৰ প্রায় ১২ বজাত ভাত খোৱাৰ কথা সুধিবলৈ পিতৃক ফোন কৰাত ফোনটো ছুইচ অফ পোৱাৰ পাছতে একপ্রকাৰ হাহাকাৰ লাগে।
লগতে পঢ়ক পৰিয়ালকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই ঘৰৰ পৰা ওলাই আহিছিল ৰমেন বৰুৱা
সেয়া যোৱা বৰ্ষৰ ২২ জুলাইৰ ঘটনা। গুৱাহাটী মহানগৰীৰ লতাশিলৰ বাসগৃহৰ পৰা ওলাই কাষতে থকা গণেশ মন্দিৰলৈ ৰমেন বৰুৱা গৈছিল বুলি পৰিয়ালে দাবী কৰিছিল। কিন্তু বহু সময় উভতি নহাৰ বাবে পৰিয়ালে বিচাৰ-খোঁচাৰ কৰে। পিছত CCTV ফুটেজ অনুসৰি সেইদিনা পুৱা ১০.০৯–১০.১৫ৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত দেখা গৈছিল। কিন্তু তাৰ পিছত বাকীখিনি ইতিহাস…. সেয়া সকলোৰে জ্ঞাত। উল্লেখ্য যে ৰমেন বৰুৱাৰ বয়স প্ৰায় ৮৪ বছৰ। তেওঁ এগৰাকী খ্যাতনামা সংগীতকাৰ, বহু দশক ধৰি অসমীয়া সংগীতৰ সৈতে জড়িত।
তেওঁৰ সন্ধান উলিয়াবলৈ SDRF, NDRF আৰু আৰক্ষীয়ে উজান বজাৰৰ পৰা ধুবুৰীলৈকে অভিযান চলাইছিল। পিছে সকলো ব্যৰ্থ প্ৰমাণিত হৈছিল। যত জুবিন গাৰ্গেও স্ব-ইচ্ছাৰে সন্ধানত সহায় কৰিছিল। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক সকলো সম্ভৱপৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশো দিছিল।
ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ আনুমানিক সন্দেহ আৰু তথ্য বুলি কবলৈ গলে হেৰোৱাৰ আগতে ব্যক্তিগত মানসিক অস্থিৰতা ভুগি আছিল বৰুৱা, যিটো পৰিয়ালে কৰা দাবী। আৰক্ষীৰ মতে বৰ্তমানলৈ অপৰাধমূলক কাৰ্যকলাপৰ প্ৰমাণ পোৱা হোৱা নাই। লগতে নদীত পৰাৰ বা আত্মগোপন কৰাৰ সন্দেহ থাকিলেও নিশ্চিত কৰা হোৱা নাই। উল্লেখ্য যে বর্তমান পৰ্যন্ত কোনো নিশ্চিত খবৰ পোৱা হোৱা নাই।
Niyomiya Barta Desk, 12 July, 2025