নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামেৰী ইক’ কেম্প মুকলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত নৱনিৰ্মিত নামেৰী ইক’ কেম্পটো শুভ উদ্বোধন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ হাতীগেটৰ সমীপত বন বিভাগে নিৰ্মাণ কৰি উলিওৱা কেম্পটো উদ্বোধনৰ সময়ত বন বিভাগৰ প্ৰধান বন সংৰক্ষক (বন্যপ্ৰাণী) মহেন্দ্ৰ কুমাৰ যাদৱ, নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক পিৰাইছুদন বি আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোহাঁই উপস্থিত থাকে।

গছপুলি ৰোপণৰ পাছতে ফিটা কাটি কেম্পটো মুকলি কৰি পূৰ্বতকৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য অধিক শোভাবৰ্ধন কৰি তোলা হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰাল ভাৱে নামেৰীক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিতৰ্কিত আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহত বন বিভাগে অভিযান চলাবলৈ যোৱাৰ সময়ত কাঠৰ সৈতে বনকৰ্মীক জ্বলাই দিয়া ভাবুকিৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মন্ত্ৰী গৰাকীয়ে কয়- এই সন্দৰ্ভত আইনী প্ৰক্ৰিয়া চলি আছে আৰু আইনে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে।

প্ৰায় ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা কেম্পটোত দেশ-বিদেশী পৰ্যটকসকলৰ বাবে কেনেদৰে সাজু কৰি তোলা হৈছে, পৰ্যটকসকলে কি কি দুঃসাহসিক ক্ৰীড়া উপভোগ কৰিব পাৰিব আৰু পৰ্যটকে থলুৱা জনগোষ্ঠীয় কি কি খাদ্য সম্ভাৰৰ জুতি ল’ব পাৰিব সেয়া মন্ত্ৰী গৰাকীয়ে পৰ্যবেক্ষণ কৰে।

নিয়মীয়া বাৰ্তা, বালিপৰা : 12 July, 2025

You might also like