ম্যানমাৰস্থিত আলফা -ৰ শিবিৰত সেনাৰ ভয়াৱহ আক্ৰমণ
🔹 ম্যানমাৰস্থিত আলফা -ৰ শিবিৰত সেনাৰ ভয়াৱহ আক্ৰমণ
🔹 মাজনিশা ২ বজাৰ পৰা পুৱতি নিশা ৪ বজালৈ প্ৰায় ১০০ ড্ৰোণেৰে আক্ৰমণ
🔹 আলফা (স্বা)ৰ মেজৰ জেনেৰেল নয়ন অসম নিহত
নিউজ ডেস্ক, ১৩ জুলাই : ১৫ আগষ্টৰ পূৰ্বে আলফা (স্বা)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোন আক্ৰমণ। ম্যানমাৰস্থিত আলফা (স্বা)ৰ শিবিৰত এই ভয়াৱহ আক্ৰমণ সংঘটিত কৰে ভাৰতীয় সেনাই।
পুৱতি নিশা ভাৰতীয় সেনাই প্ৰায় ১০০ ড্ৰোণেৰে ম্যানমাৰৰ ভিতৰত থকা আলফা (স্বা)ৰ শিবিৰত চলোৱা আক্ৰমণত আলফা (স্বা)ৰ বহু কেডাৰ হতাহত হোৱাৰ খবৰ পোৱা গৈছে। এক সূত্ৰই জনোৱা মতে, এই আক্ৰমণত বহু আলফা সদস্য নিহত হৈছে। তদুপৰি এই আক্ৰমণত আলফাৰ মেজৰ জেনেৰেল নয়ন অসম নিহত হোৱাৰ খবৰ আহি পৰিছে। মাজনিশা ২ বজাৰ পৰা পুৱতি নিশা ৪ বজালৈ চলে আক্ৰমণ। সেনাৰ এই ভয়াৱহ আক্ৰমণত আলফা (স্বাঃ)ৰ ১৯ জন সদস্য আহত হোৱা বুলি জানিব পৰা গৈছে।