তৃতীয় টেষ্টৰ প্রথম ইনিংছত ভাৰতৰ সংগ্রহ ৩৮৭
🔹 আকৰ্ষণীয় পৰ্যায়ত লৰ্ডছ টেষ্ট
🔹 প্ৰথম ইনিংছত দুয়ো দলৰ সমান ৰান সংগ্ৰহ
নিউজ ডেস্ক, ১৩ জুলাই : টীম ইণ্ডিয়াই লর্ডছ টেষ্টত ঘৰুৱা দল ইংলেণ্ডক যোগ্য প্রত্যুত্তৰ আগবঢ়াইছে৷ ইংৰাজ বাহিনীয়ে ৩৮৭ ৰানত প্রথম ইনিংছ সামৰাৰ প্রত্যুত্তৰত ভাৰতীয় দলটোৱেও ৩৮৭ ৰানত প্রথম ইনিংছ সামৰে৷
দ্বিতীয় দিনা তিনি উইকেটত কৰা ১৪৫ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৱে কালি তৃতীয় দিনা সুন্দৰ আৰম্ভণি কৰে৷ আগদিনা দুই অপৰাজিত বেটাৰদ্বয় লোকেশ ৰাহুল আৰু ঋষভ পণ্টে আক্রমণাত্মক খেল খেলি টীম ইণ্ডিয়াক সন্মানজনক স্থিতিত উপনীত কৰায়৷ আগদিনা ১৯ ৰানত অপৰাজিত হৈ থকা ঋষভ পণ্টে ৭৪ ৰানত বিদায় লয়৷ পণ্টৰ ১১২টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু দুটা ছয়৷ আউট হোৱাৰ পূর্বে তাৰকা উইকেটকীপাৰ–বেটাৰগৰাকীয়ে ৰাহুলৰ সৈতে চতুর্থ উইকেটত ১৪১ ৰান সংগ্রহ কৰে৷
ইফালে, আগদিনা ৫৩ ৰানত অপৰাজিত হৈ থকা ৰাহুলে কালি দর্শনীয় শতক অর্জন কৰে৷ ষ্টাইলিছ বেটাৰগৰাকীয়ে ১০০ ৰানত পেভিলিয়নমুখী হয়৷ ৰাহুলৰ ১৭৭টা বলৰ ইনিংছটোত আছিল ১৩টাকৈ বাউণ্ডেৰী৷
ইফালে, ৭২ ৰানত আউট হোৱাৰ পূর্বে জাদেজাই নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে ষষ্ঠ উইকেটত ৭২ ৰান আৰু ৱাশ্বিংটন সুন্দৰৰ সৈতে সপ্তম উইকেটত ৫০ ৰান সংগ্রহ কৰি ভাৰতক সবল স্থিতিত উপনীত কৰায়৷ জাদেজাৰ ১৩১টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু এটা ছয়৷ নীতিশে ৩০ ৰান কৰি বিদায় লয়৷ ইফালে, ৱাশ্বিংটন সুন্দৰে ২৩ ৰান কৰি পেভিলিয়নমুখী হয়৷ ইংলেণ্ডৰ হৈ ৱ’কছে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে জ’ফ্রা আর্চাৰ আৰু বেন ষ্ট’কছ উভয়ে দুটাকৈ তথা ব্রাইডন কার্ছ আৰু ছোৱাইব বছিৰে এটাকৈ উইকেট লয়৷