নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লর্ডছত সর্বকালৰ অভিলেখ ভংগ ঋষভ পণ্টৰ

নিউজ ডেস্ক, ১৪ জুলাই : লর্ডছত সর্বকালৰ অভিলেখ ভংগ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে৷ বিদেশী উইকেটকীপাৰ হিচাপে ইংলেণ্ডত সর্বাধিক ৰান কৰাৰ নতুন অভিলেখ গঢ়িলে পণ্টে৷ ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ তৃতীয়খন টেষ্টৰ প্রথম ইনিংছলৈকে পণ্টে ৪০৮ ৰান কৰি ইংলেণ্ডত বিদেশী উইকেটকীপাৰ হিচাপে সর্বাধিক ৰান কৰাৰ নজিৰ গঢ়ে পণ্টে৷ ইয়াৰ পূর্বে এই অভিলেখৰ গৰাকী আছিল নিউজিলেণ্ডৰ ট’ম ব্লুণ্ডেল৷ নিউজিলেণ্ডৰ উইকেটকীপাৰগৰাকীয় ২০২২ চনত ইংলেণ্ড ভ্রমণত ৩৮৩ ৰান কৰিছিল৷ ইপিনে, ঋষভ পণ্টে ইংলেণ্ডত টেষ্ট ক্রিকেটত সর্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখো গঢ়ে৷ লর্ডছ টেষ্টৰ প্রথম ইনিংছলৈকে পণ্টে ৩৫টা ছিক্সাৰ কোবাই ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি খেলুৱৈ ভিভিয়ান ৰিচার্ডছৰ ৩৪টা ছিক্সাৰৰ অভিলেখটো ভংগ কৰে৷

You might also like