বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্যাহত আছে। চেঙা সমষ্টিৰ এক জলন্ত সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চেঙা ৰাজহ চক্ৰৰ অধীনস্থ ৰৌমাৰী পাথাৰ, ৰৌমাৰী গাঁও, চেনিমাৰী আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তীব্ৰৰূপ ধাৰণ কৰিছে।
চেঙাৰ ৰৌমাৰী পাথাৰতো বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্যাহত আছে। ব্ৰহ্মপুত্ৰৰ কালৰূপত ৰৌমাৰী পাথাৰ গাঁৱৰ অস্তিত্ব এতিয়া বিপদাপন্ন। ইতিমধ্যেই লুইতৰ বুকুত শ শ কৃষিভূমি জাহ যোৱাৰ লগতে বহুলোকৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। জেহেৰুল ইছলাম, মুন্নাফ আলী, হবিবৰ ৰহমান, ছাহজাহান আলী, দিলীপ আলী, কেৰামত আলী , ফাইজুৰ ৰহমান, খয়বৰ আলী, ছাহাব উদ্দিন, আছিৰন নেছা , আবুল হুছেইন, ধনী মিয়া, জহুৰা বেৱা ,আফাজ উদ্দিন , ৰহিতন নেছা, কাঞ্চনমালা , শুকুৰ আলী , জংছেৰ আলী , পানছোনা বেৱা, কুৰবান আলী , আৰফান আলী, বুইদা মিয়া, কুৰ্জত আলী, জোনাব আলী, ছৰ্বত আলী, বেগম খাতুন, মুক্তাৰ আলী, ছালাম আলী, বৰহান আলী,নুৰ মহম্মদ, নজৰুল আলী, ৰহিমা খাতুন, জামাল আলী, কাছেম আলী, পিয়াৰ আলী, দিলবৰ আলীকে ধৰি বহুলোকৰ বাসগৃহ ইতিমধ্যেই লুইতৰ বুকুত জাহ গৈছে বুলি জানিবলৈ দিয়ে ৰৌমাৰী পাথাৰ গাঁৱৰ গাঁওপ্ৰধান আমিনুল হকে।
ছাহজাহান আলীয়ে কিছুদিন পূৰ্বে নিজৰ পকীঘৰ ভাঙি অন্যস্থানলৈ স্থানান্তৰ কৰিছে। ইয়াৰ উপৰি বহুলোকে নিজৰ নিজৰ বাসগৃহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে কেইবাটাও বাসগৃহ তথা সামাজিক অনুষ্ঠান, শিক্ষানুষ্ঠান আদি লৈও আহিছে ভাবুকি। এসপ্তাহ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল ১৬৪নং ৰৌমাৰী পাথাৰ নদীৰপাৰ অংগনৱাদী কেন্দ্ৰটো। নৈপৰীয়া ৰাইজৰ এতিয়া জীৱন- জীৱিকাৰ প্ৰতিও ভাবুকি আহি পৰিছে।
১৯৩০ চনত স্থাপিত ৰৌমাৰী পাথাৰ জামে মছজিদ, ১৯৫০ চনত স্থাপিত ৬৫৩ নং ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়, ১৯৫৪ চনত স্থাপিত ৰৌমাৰী পাথাৰ সমাজ সেৱক লাইব্ৰেৰী, ১৯৮৩ চনত স্থাপিত দানেছ আলী এম ই স্কুল, ১৯৮৮ চনত স্থাপিত ৰৌমাৰী পাথাৰ হাইস্কুল, ১৯৮৮ চনত স্থাপিত উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়, দক্ষিণ পশ্চিম ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়, ২০০০ চনত স্থাপিত বাইতুল আজিজ জামে মছজিদ, ৩১ নং ৰৌমাৰী পাথাৰ অংগনৱাদী কেন্দ্ৰ, ৩২নং ৰৌমাৰী পাথাৰ অংগনৱাদী কেন্দ্ৰ, ৮৮ নং ৰৌমাৰী পাথাৰ অংগনৱাদী কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক, ধৰ্মীয় আৰু শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানলৈ আহিছে তীব্ৰ ভাবুকি। সামাজিক, ধৰ্মীয় আৰু শৈক্ষিক অনুষ্ঠান- প্ৰতিষ্ঠানলৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই কঢ়িয়াই আনিছে ভাবুকি।
চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদৰ বাসগৃহলৈও আহিছে ভাবুকি। বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি জিলা পৰিষদৰ সদস্য পদত জয়লাভ কৰা হাইদৰ আলী আহমেদে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।
ব্ৰহ্মপুত্ৰৰ খহনীয়াই এইদৰে তীব্ৰৰূপ ধাৰণ কৰি থাকিলে খুব কম সময়ৰ ভিতৰতে ৰৌমাৰী পাথাৰ গাঁৱৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ যে লুইতৰ বুকুত জাহ যাব সেয়া ধুৰূপ। লুইতৰ গৰাখহনীয়াই ৰৌমাৰী পাথাৰ গাঁৱৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। দুচকুত টোপনি নোহোৱা হৈছে নৈপৰীয়া ৰাইজৰ। অনিদ্ৰাই-অনাহাৰে দিন-ৰাতি কটাবলগীয়া হৈছে ভুক্তভোগী ৰাইজে। ব্ৰহ্মপুত্ৰৰ কালৰূপে গাঁওবাসীৰ মনলৈ শংকা নমাই আনিছে।
অসমৰ মানচিত্ৰৰ পৰা যে ৰৌমাৰী পাথাৰ গাঁও নিচিহ্ন হ’বলৈ গৈ সেয়া সহজেই অনুমেয় আৰু সেই শংকাই এতিয়া গাঁওবাসীক উদ্বিগ্ন কৰি তুলিছে। বৃহত্তৰ ৰৌমাৰী অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে গাঁওবাসীয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাই আহিছে যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ দিয়া নাই বুলি নৈপৰীয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষ। এই অভিযোগ স্থানীয় ৰাইজৰ। ৰৌমাৰীৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও আক্ষেপ আৰু ক্ষোভ প্ৰকাশ কৰে ৰাইজে। বিধায়ক আশ্ৰাফুল হুছেইনে আজি পৰ্যন্ত ৰৌমাৰী পাথাৰৰ গৰাখহনীয়াৰ কোনো বুজ লোৱা নাই আৰু খহনীয়াস্থলীত উপস্থিত হোৱা নাই বুলিও ক্ষোভ উজাৰিছে নৈপৰীয়া ৰাইজে।
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি নৈপৰীয়া ৰাইজৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক আভুৱা ভৰা কথাৰে সন্মোহিত কৰি প্ৰতিটো নিৰ্বাচনতেই ৰাইজৰ ভোটেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত জনপ্ৰতিনিধিসকলে ৰাইজৰ সমস্যা সমাধানৰ প্ৰতি পিঠি দি আহিছে বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে। চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সদায় জনপ্ৰতিনিধিসকলে ৰাজনৈতিক ইছ্যু হিচাপে জীয়াই ৰাখিব নেকি বুলিও সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছে।
নিয়মীয়া বাৰ্তা, দৌলাশাল, 14 July, 2025