নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকনিৰ্মাণৰ কাৰ্যালয় পাঠশালাত বাহাল ৰখাৰ দাবীৰে মন্ত্ৰী ৰণজিৎ দাসলৈ পত্ৰ পাঠশালা বজাৰ সমিতিৰ

লোকনিৰ্মাণ বিভাগৰ পাঠশালাত থকা বজালী ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু উপ সংমণ্ডল কাৰ্যালয় দুটা পাঠশালাতে বাহাল ৰখাৰ দাবীৰে পাঠশালা বজাৰ সমিতিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক পত্ৰ প্ৰেৰণ কৰে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগৰ পৰা জাৰি কৰা ECF No. 661618/137 নিৰ্দেশনাযোগে বজালী জিলা সদৰ পাঠশালাত থকা বজালী টেৰিটৰিয়েল ৰোড ডিভিজন আৰু চাব ডিভিজনৰ কাৰ্যালয় নলবাৰীলৈ স্থানান্তৰ হব বুলি ওলোৱা এক জাননীৰ পাছতে সমগ্ৰ বজালী অঞ্চলটে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিষয়টো সন্দৰ্ভত বজালী জিলা ছাত্ৰ সন্থাই পাঠশালাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক কনভয় আগচি মন্ত্ৰীগৰাকীক জবাবদিহি কৰে৷

স্মৰ্তব্য যে মন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত পাঠশালা বজাৰ সমিতিৰ লগত কালি দুঘন্টাজোৰা এক আলোচনাত মিলিত হৈছিল৷ ইয়াৰ পাছতে আজি সন্ধিয়া পাঠশালা বজাৰ সমিতিয়ে এক সংবাদমেলযোগে লোকনিৰ্মাণ বিভাগক কাৰ্যালয় দুটা পাঠশালাতে বাহাল ৰখাৰ দাবী উত্থাপন কৰি এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰীশ পাটগিৰী আৰু সম্পাদক অসীম চৌধুৰী স্বাক্ষৰিত এক পত্ৰ মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰে৷ পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিশ পাটগিৰি,সম্পাদক অসীম চৌধুৰী, উপ সভাপতি  যাদৱ বৈশ্য, পাঠশালা চেম্বাৰ অব কমাৰ্চৰ সভাপতি মদন ৰয়, পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতা আদিয়ে উপস্থিত থাকি বজালী জিলাক পূৰ্ণাংগ জিলাৰ মৰ্যদা প্ৰদানৰ দাবী জনায়৷

ইপিনে বজালী জিলাৰ চাৰিসীমা নিৰ্ধাৰণ আৰু লোকনিৰ্মাণৰ বজালীৰ ক্ষেত্ৰীয় সংমণ্ডল আৰু উপ সংমণ্ডল কাৰ্যালয় দুটা পাঠশালাতে বাহাল ৰখাৰ দাবীত বজালী জিলা সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়৷ জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত আৰু সমুদ্ৰ পাটগিৰীয়ে আঁত ধৰা সভাত উপস্থিত কেবাগৰাকীও ব্যক্তিয়ে বজালী জিলাক পূৰ্ণাংগ জিলালৈ পৰিণত কৰা, বজালীৰ চাৰিসীমা নিৰ্ধাৰণ কৰা, লোকনিৰ্মাণৰ বিভাগৰ পাঠশালাস্থিত কাৰ্যালয় নলবাৰীলৈ স্থানান্তৰ কৰাৰ পৰিবৰ্তে পাঠশালাতে বাহাল ৰখা, জলসিঞ্চন বিভাগৰ কাৰ্যালয় পুনৰ পাঠশালালৈ অনাৰ ব্যৱস্থা কৰা আদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায়৷

ইপিনে সংবাদমাধ্যমৰে হোৱা এক সাক্ষাতত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পাঠশালা বজাৰ সমিতিয়ে প্ৰেৰণ কৰা পত্ৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজালী জিলা সুৰক্ষা সমিতিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই লোকনিৰ্মাণ বিভাগৰ বজালীৰ ক্ষেত্ৰীয় সংমণ্ডল আৰু উপ সংমণ্ডল কাৰ্যালয় দুটি পাঠশালাতে বাহাল থাকিব বুলি একপ্ৰকাৰ নিশ্চিতি প্ৰদান কৰি অনাগত দিনত বজালীবাসীয়ে আৰু অধিক ভাল খবৰ লাভ কৰিব বুলি মন্তব্য কৰে৷

নিয়মীয়া বাৰ্তা, পাঠশালা, 14 July, 2025

You might also like