নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলকাৰীক প্রৰোচিত কৰি থৈ গ’ল ৰাহুল গান্ধীয়ে

🔹 লোকসভাৰ বিৰোধী দলপতিক তীক্ষ্ণ বাক্যবাণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১৮ জুলাই : গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্রশাসনে চলোৱা উচ্ছেদৰ সময়ত বেদখলকাৰীয়ে সৃষ্টি কৰা ব্যাপক হিংসাৰ আঁৰত আছে কংগ্রেছ নেতা ৰাহুল গান্ধীৰ উচটনি৷ পৰহি অসম ভ্রমণ কৰা ৰাহুল গান্ধীয়ে বেদখলকাৰীক চৰকাৰৰ বিৰুদ্ধে উৎসাহিত কৰা বুলি মুকলি অভিযোগ তুলিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যমত কালি এই অভিযোগ তুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰিছে যে ৰাহুল গান্ধী পৰহি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ’ল৷ তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূর্বক দখল কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে হিংসাত্মক পন্থা অৱলম্বন কৰি এচামে আমাৰ আৰক্ষী আৰু বনকর্মীক আক্রমণ কৰে৷

উল্লেখ্য যে পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পাছত পুনৰ একাংশ বেদখলকাৰীয়ে ভূমি দখলৰ চেষ্টা চলায়৷ কালি প্রশাসনে এনেধৰণৰ বেদখলকাৰীক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰাৰ সময়তে ওলোটাই আৰক্ষীক আক্রমণ কৰে৷ শ শ বেদখলকাৰীয়ে শিল দলিয়াই, দা-লাঠী লৈ আক্রমণকাৰীক খেদি যায়৷ এনে অৱস্থাত আক্রমণকাৰীক প্রতিৰোধ কৰিবলৈ আৰক্ষীয়ে গুলীচালনাও কৰিবলগীয়া হয়৷

মুখ্যমন্ত্রী ড০ শর্মাই এনে আক্রমণ সন্দর্ভত ফেচবুক পোষ্টত উল্লেখ কৰিছে যে বেদখলকাৰীৰ এনে আক্রমণত কর্তব্যৰত অৱস্থাত ২১জন সাহসী আৰক্ষী বিষয়া আৰু বনৰক্ষী গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে৷ বিকল্প ব্যৱস্থা নোহোৱা হেতু আৰক্ষীয়ে পৰিস্থিতি পুনৰুদ্ধাৰ কৰিবলৈ গুলীচালনা কৰিব লগা হৈছিল, যাৰ ফলত এজন বেদখলকাৰীৰ দুর্ভাগ্যজনকভাৱে মৃত্যু হৈছে৷ সেয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্রমণৰ ধ্বংসাত্মক পৰিণাম৷ তেওঁৰ দায়িত্বজ্ঞানহীন মন্তব্যই আমাৰ ৰাজ্যৰ সমাজ জীৱনত পোনপটীয়াকৈ ব্যাঘাত জন্মাইছে আৰু শান্তি বিঘ্ণিত কৰিছে৷ অসমৰ ৰাইজে এই বিশ্বাসঘাতকতাক কাহানিও নাপাহৰে বা ক্ষমা নকৰে৷

মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে পাইকানত যিধৰণে উচ্ছেদিতই আক্রমণ কৰিলে সেই বিষয়ত আইনৰ দ্বাৰা গোচৰ হ’ব–বিচাৰ হ’ব৷ আনহাতে মুখ্যমন্ত্রীয়ে পাইকানৰ ভূমিক বনাঞ্চললৈ ৰূপান্তৰ কৰা হ’ব বুলি স্পষ্ট কৰি দিলে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়– পাইকানত উচ্ছেদ প্রক্রিয়া সমাপ্তিৰ পিছতে গছ ৰোপণৰ কাম আৰম্ভ হ’ব৷ তেওঁ কয়– বর্তমান পাইকানত আমাৰ লক্ষ্য হৈছে বৃক্ষৰোপণ কৰি ভূমিখণ্ড বনাঞ্চললৈ ৰূপান্তৰ কৰা৷

জে’লত মোক পঠোৱাৰ আগতে ৰাহুল গান্ধী জে’ললৈ নোযোৱাৰ কি গেৰাণ্টী আছে

কংগ্রেছ শাসনলৈ আহিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জে’ললৈ প্রেৰণ কৰিব বুলি পৰহি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে দিয়া হুংকাৰক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি আজাৰাৰ কেওটপাৰাস্থিত মনসা মন্দিৰত আশিস ল’বলৈ উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– জে’লত মোক পঠোৱাৰ আগতে ৰাহুল গান্ধী যে নিজে জে’ললৈ নাযাব, তাৰ কি গেৰাণ্টী আছে? সেই কাৰণে এখন ৰাজ্যত আহিলে কাক জে’লত পঠাম, কাক জে’লত নপঠাম এনেধৰণৰ কথা কোৱাটো ৰাষ্ট্রীয় নেতা এজনৰ বাবে শোভা নাপায়৷ আমি অসমৰ মানুহৰ বাবে কাম কৰি আছোঁ আৰু কৰি যাম৷ ৰাইজে জানে যে আমি কিমান কাম কৰি আছোঁ৷ গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই ৰাইজৰ মৰমবিলাক শেষ হৈ নাযায়৷ এইবোৰ কথা চিন্তা কৰি লাভ নাই৷ আনহাতে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেই অসম চৰকাৰে এটাও চাকৰি দিয়া নাই বুলি কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয়– মই চাকৰি দিছোঁ নে নাই, সেয়া অসমৰ ৰাইজে জানে৷

You might also like