নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী

🔹 ভুৱা আধাৰ কাৰ্ড, বেংক পাছবুকেৰে কেইবালক্ষ টকা আত্মসাৎ মুকচিদুলৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : মৈৰাবাৰী থানাৰ আৰক্ষী পৰিদৰ্শক পংকজ দাসে থানাখনৰ এলেকাধীন তাঁতীকটা গাঁৱৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে পলাতক মুকচিদুল ইছলামক। মুকচিদুল ইছলাম নামৰ চাইবাৰ অপৰাধীজনে বিগত কেইবাবছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল। মৈৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসে এক গোপন খবৰৰ ভিত্তিত অতি কৌশলেৰে কৰায়ত্ত কৰে চাইবাৰ অপৰাধী মুকচিদুল ইছলামক। ধৃত চাইবাৰ অপৰাধীজনে বিগত সময়ছোৱাত বিভিন্ন বেংকৰ পৰা ভুৱা আধাৰ কাৰ্ড, বেংক পাছবুক প্ৰস্তুত কৰি কেইবালক্ষ টকা আত্মসাত কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। সম্প্ৰতি মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে ধৃত চাইবাৰ অপৰাধী মুকচিদুল ইছলাম।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like