🔹 ৰাহুল গান্ধী–মল্লিকার্জুন খার্গেৰ ভাষণ পৰীক্ষা কৰি আছে আৰক্ষীয়ে
বিশেষ বাৰ্তা, ১৯ জুলাই : গোৱালপাৰাৰ পাইকানত আৰক্ষী আৰু উচ্ছেদিতৰ মাজত সংঘাত সৃষ্টিৰ আঁৰৰ কাৰক কোন? ৰক্তাক্ত হোৱা পাইকানৰ উচ্ছেদ অভিযানক লৈ ইতিমধ্যে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷ এই তদন্তৰ বাবে কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্রেছৰ সভাপতি মল্লিকার্জুন খার্গেক তলব কৰিব পাৰে আৰক্ষীয়ে৷ প্রয়োজনত এই দুয়োজন কংগ্রেছ নেতা অসম আৰক্ষীৰ জেৰাৰো সন্মুখীন হ’ব পাৰে৷ এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
কংগ্রেছে অনুষ্ঠিত কৰা কংগ্রেছৰ সভাত ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গেই দিয়া উচটনিমূলক ভাষণৰ বাবেই পাইকানত বুধবাৰে সংঘর্ষজর্জৰ ঘটনা সংঘটিত হৈছিল৷ কালি এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই অভিযোগ উত্থাপন কৰি কয় যে কংগ্রেছ সভাত ৰাহুল গান্ধীৰ ভাষণ শুনিবলৈ গোৱালপাৰাৰ পৰা বহু লোক আহিছিল৷ এই সভাৰ পাছতেই জিলা পৰিষদৰ এজন সদস্যই নিশাৰ ভাগত পাইকানলৈ গৈ উচ্ছেদিত লোকক প্রৰোচিত কৰিলে৷ যাৰ ফলত পুৱাৰ ভাগত বন বিভাগৰ লোকৰ সৈতে উচ্ছেদিত লোকৰ সংঘাতৰ সৃষ্টি হয়৷ ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গেৰ প্রৰোচনামূলক ভাষণৰ প্রভাৱ পাইকানত আছিল নেকি ইয়াৰ তদন্ত হ’ব৷ প্রয়োজনত ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গেকো সোধা–পোছাৰ বাবে মতা হ’ব৷
মুখ্যমন্ত্রীয়ে কয়– ৰাহুল গান্ধীয়ে যদি উক্ত দিনা সভা অনুষ্ঠিত নকৰিলেহেঁতেন, তেন্তে গুলীচালনাৰ ঘটনাও নহ’লহেঁতেন, শিল দলিওৱা ঘটনাও নহ’লহেঁতেন৷ উত্তেজিত কৰাৰ বাবেই উচ্ছেদিতসকল উত্তেজিত হ’ল৷ গৰুখুঁটিত একেই ধৰণৰ ঘটনা হৈছিল৷ গতিকে এয়া এক পেটার্ন৷ বেদখল কৰি থকা লোকসকল টিভি চাই থকা বা পেপাৰ পঢ়ি থকা লোক নহয়৷ কোনোবাই তেওঁলোকক উত্তেজিত কৰি দিয়ে আৰু উত্তেজিত হৈ যায়৷ মুখ্যমন্ত্রীয়ে কয়– মই মোৰ মানুহখিনিৰহে দায়িত্ব ল’ব পাৰোঁ৷ কংগ্রেছে পৰৱর্তী সময়ত উত্তেজিত কৰিব নে নকৰিব, উত্তেজিত কৰিলে লোকসকল উত্তেজিত হ’ব নে নহয়, এই দায়িত্ব কংগ্রেছে ল’ব লাগিব৷ উত্তেজনাপূর্ণ পৰিৱেশ নহ’বলৈ কংগ্রেছক অনুৰোধ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে কংগ্রেছৰ সভাত ৰাহুল গান্ধী আৰু মল্লিকার্জুন খার্গেই উচটনিমূলক ভাষণ দিছিল নে নাই তাক অসম আৰক্ষীয়ে পৰীক্ষা কৰি আছে৷