নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ মাজতে অসমলৈ বাংলাদেশী কিন্নৰৰো আগমন

🔹 ধুবুৰীত গ্রেপ্তাৰ ১ : আন্তঃৰাষ্ট্রীয় সীমান্তৰে চোৰাং বেহাত জড়িতৰ অভিযোগ

নিয়মীয়া বার্তা, ২০ জুলাই : বাংলাদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কঠোৰ স্থিতি লোৱাৰ সময়তে বাংলাদেশৰ পৰা অসমলৈ কিন্নৰৰো অনুপ্রৱেশ ঘটাৰ এক চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে৷ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ ৮গৰাকী কিন্নৰৰ এটা দলে ধুবুৰী আৰক্ষীক দাখিল কৰা এখন এজাহাৰে উন্মোচিত কৰিছে বিষয়টো৷ উক্ত এজাহাৰৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ এটা দলে কালি চহৰখনৰ পার্শ্বৱর্তী কুচুমুদ্দিন ম’ৰ নামৰ এজন লোকৰ এটা ভাৰাঘৰৰ পৰা এগৰাকী বাংলাদেশী কিন্নৰক কৰায়ত্ত কৰে৷ ধৃত কিন্নৰগৰাকী বাংলাদেশৰ মৈমনসিং জিলাৰ ছাটখাৱা নাগলা বাজাৰৰ বাসিন্দা ছাৰমিনা খাতুন বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে এজাহাৰখনত বাংলাদেশৰ পৰা অসমলৈ কেইবাগৰাকী কিন্নৰৰ অনুপ্রৱেশ ঘটা বুলি উল্লেখ থকাৰ সমান্তৰালকৈ বাংলাদেশী কিন্নৰসকলৰ ৩গৰাকীৰ নামো সন্নিৱিষ্ট আছে৷ আনকি বাংলাদেশী কিন্নৰকেইগৰাকীয়ে ভুৱা নথি-পত্র বনাই অসমত বসবাস কৰি থকা বুলিও এজাহাৰখনত অভিযোগ কৰা হৈছে৷ আটাইতকৈ তাৎপর্যপূর্ণ বিষয় যে এজাহাৰখনত অবৈধ অনুপ্রৱেশকাৰী তথা বাংলাদেশী কিন্নৰসকলে ড্রাগছৰ উপৰি ভাৰত–বাংলাদেশ সীমান্তৰে আন্তঃৰাষ্ট্রীয় চোৰাং বেহাৰ সৈতে জড়িত বুলিও স্পষ্টভাৱে উল্লেখ আছে৷ এই বিশেষ এজাহাৰখনে প্রথমবাৰৰ বাবে অসমলৈ বাংলাদেশী কিন্নৰৰ অবৈধ অনুপ্রৱেশ ঘটা বিষয়টো উন্মোচিত কৰিছে৷

আনহাতে, বিষয়টোক লৈ ধুবুৰী আৰক্ষীয়ে বর্তমানলৈ আনুষ্ঠানিকভাৱে একো সদৰী কৰা নাই যদিও কিন্নৰৰ দলটোৰ এজাহাৰখনত উল্লেখ থকা আন দুই বাংলাদেশী কিন্নৰক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like