নিয়মীয়া বাৰ্তা, ২০ জুলাই : গোলাঘাট জিলাৰ জামুগুৰি পঞ্চায়তৰ অন্তৰ্গত কছাৰীচুক গাঁৱৰ এগৰাকী শিক্ষিত নিবনুৱা যুৱক জীতেন ভৰালীয়ে নিজৰ চাহ খেতিৰ মাজে মাজে ৰবৰ কৃষিকাৰ্য কৰি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে ২০১৩ চনতে দৈয়াং অঞ্চলৰ সৰুপানীৰ পৰা ১২০ জোপা ৰবৰ গছৰ পুলি আনি ২ বিঘা মাটিৰ চাহ গছৰ মাজে মাজে ৰোপণ কৰি প্ৰায় ৫-৭ বছৰৰ পৰা ৰবৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে শিক্ষিত নিবনুৱা যুৱক জীতেন ভৰালীয়ে।
উল্লেখ্য যে উক্ত ৰাবাৰখিনি সযতনে গছৰ পৰা সংগ্ৰহ কৰি ঘৰতে মেচিনত ৰাবাৰ শ্বিপ তৈয়াৰ কৰি সৰুপথাৰ, বৰপথাৰ আৰু মেৰাপানীৰ ৰাবাৰ ফেক্টৰীলৈ প্ৰেৰণ কৰে। বৰ্তমান প্ৰতি কেজি ২০০ টকা মূল্যত বিক্ৰী কৰি প্ৰতিজোপা ৰবৰ গছত বছৰি ১০০০ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হয় বুলি কৃষকগৰাকীয়ে সদৰী কৰিছে। বৰ্তমান যিসকল শিক্ষিত নিবনুৱা যুৱক আছে যদিহে তেওঁলোকৰ মাটি আছে, তেতিয়াহ’লে ৰবৰ খেতি কৰি স্বাৱলম্বী হ’ব পাৰিব বুলি কয় শিক্ষিত যুৱক জীতেন ভৰালীয়ে।
প্ৰেৰক পৰাগ বৰুৱা