নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নদুৱাৰ ৰাজহ চক্ৰৰ দক্ষিণ চতিয়াৰ জলাহ ভূমিত ব্যাপক বেদখল

🔹 উচ্ছেদ বিচাৰি ৰাজহ চক্ৰত আবেদন 
নিয়মীয়া বাৰ্তা, ২৪ জুলাই : অসম চৰকাৰে শেহতীয়াকৈ বনাঞ্চল, চৰকাৰী মাটি আৰু  জলাহ ভূমিত ব্যাপক হাৰত হোৱা বেদখল উচ্ছেদ কৰিবলৈ আইনসংগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাত ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজে আদৰণি জনাইছে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ চতিয়াৰ চৰকাৰী মাটি আৰু জলাহ ভূমিত ব্যাপক হাৰত হোৱা বেদখলে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দাঁতিকাষৰীয়া অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷
উল্লেখ্য যে বিশ্বনাথ-পাণপুৰ মথাউৰি নিৰ্মাণ হোৱাৰ আগতে অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ অসংখ্য সুঁতি-জান-জুৰিৰে পৰিবেষ্টিত আছিল ৷ মথাউৰিটো নিৰ্মাণ কৰাত গড়াহাগি সুঁতি, মিৰিসুঁতিকে ধৰি কেইবাটাও সুঁতি সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ৷ বৰ্তমান অঞ্চলটোত প্ৰায় ষোল্লখন ৰাজহ বিল অৱস্থিত ৷ বিশ্বনাথ-পাণপুৰ মীন মহলৰ অন্তৰ্গত ৰাজহ বিলসমূহ বেদখলকাৰীৰ কবলত পৰাত  মীন মহলৰ তৰফৰ পৰা বেদখল উচ্ছেদ কৰিবলৈ বহুকেইখন আবেদন ইতিমধ্যে দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে ১৯৮৩ চনৰ আগলৈকে অঞ্চলটোত আঙুলি মূৰত লেখিব পৰা বংগমূলীয় মূছলমানে বসতি কৰিছিল ৷ ১৯৮৩ চনৰ পিছৰে পৰা অঞ্চলটোলৈ ব্যাপক হাৰত বহিঃজিলাৰ পৰা হোৱা প্ৰব্ৰজনে অঞ্চলটোৰ জনগাঁথনিৰ লগতে জলাহ ভূমিৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে ৷ ইতিমধ্যে বেদখলকাৰীয়ে কেইবাখনো ৰাজহ বিলৰ মাটি দখল কৰি বাসস্থান নিৰ্মাণ কৰাৰ লগতে বিলসমূহত পাৰ বান্ধি মীন পালনৰ বাবে পুখুৰী তৈয়াৰ কৰাত ক্ৰমান্বয়ে ৰাজহ বিলসমূহ সংকুচিত হৈ পৰিছে ৷ মীন মহলৰ তৰফৰ পৰা কেইবাখনো আবেদন দাখিল কৰাৰ পিছতো ৰহস্যজনক কাৰণত উচ্ছেদ স্থগিত ৰখা বুলি সমালোচনা চলিছে ৷
কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ নিচেই কাষতে অৱস্থিত জলাহ ভূমিসমূহ পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হিচাপে এসময়ত পৰিগণিত হৈছিল যদিও বৰ্তমান বেদখলকাৰীৰ দপদপনিত পৰিভ্ৰমী চৰাই অহাটো বন্ধ হৈ পৰিছে ৷ ৰাজহ চক্ৰৰ নথিত থকা অঞ্চলটোৰ চৰকাৰী মাটি বৰ্তমান বেদখলকাৰীৰ কবলত ৷ ব্ৰহ্মপুত্ৰ নদীৰ বন্ধ হৈ পৰা গড়াহাগি সুঁতি, মিৰিসুঁতি ব্যাপক হাৰত বেদখল কৰি বৃহৎ বৃহৎ পুখুৰী নিৰ্মাণ কৰা হৈছে ৷ বাৰিষাৰ সময়ত পানী ধৰি ৰাখি বানপানীৰ প্ৰাবল্য হ্ৰাস কৰা সকলোবোৰ জলাশয়েই এতিয়া বেদখলকাৰীৰ কবলত ৷ বংগমূলীয় মূছলমানৰ ব্যাপক হাৰত হোৱা আন্তঃজিলা প্ৰব্ৰজনে নদুৱাৰ আৰু বিশ্বনাথ সমষ্টিৰ জনগাঁথনিৰ ব্যাপক পৰিবৰ্তন কৰাৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷ অসমৰ অন্যান্য অঞ্চলত হোৱাৰ দৰে চতিয়া আৰু নাগশংকৰ মৌজাৰ জলাশয়সমূহত হোৱা বেদখল উচ্ছেদ কৰিবলৈ অঞ্চলবাসীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

 

প্ৰেৰক প্ৰণৱ ওজা

You might also like