সূর্য দেৱতা : ৰুষ্ট প্রকৃতি। দক্ষিণ–পশ্চিম মৌচুমী বায়ুৰ প্রভাৱত দেশৰ আন আন ৰাজ্যত স্বাভাৱিক বা অধিক পৰিমাণৰ বৰষুণ হোৱাৰ বিপৰীতে অসমসহ উত্তৰ–পূবৰ ৰাজ্যকেইখনত উদ্বেগজনকভাৱে কমি গৈছে বৃষ্টিপাতৰ পৰিমাণ৷ আনকি শাওণ মাহৰ এটা সপ্তাহ পাৰ হোৱাৰ পাছতো বৰষুণৰ অভাৱত ৰাজ্যৰ বহু পথাৰত ছিঁৰাল ফাট মেলা পৰিলক্ষিত হৈছে৷
পানীৰ অভাৱত কৃষক ৰাহজে ভূঁই ৰুব পৰা নাই৷ ঠাইবিশেষে ভেকুলীৰ বিয়া পাতি তাৰ ওপৰত ভৰসা কৰাও পৰিলক্ষিত হৈছে৷ ইফালে বিগত প্রায় দুসপ্তাহৰো অধিক দিন ধৰি ৰাজ্যত হঠাতে বৃদ্ধি পাহছে তাপমাত্রা৷ পাৰাস্তম্ভ ঊর্ধ্বমুখী হোৱাৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে শিক্ষানুষ্ঠানসমূহৰ বেছিভাগৰে গ্রীষ্ম বন্ধ চলি থকা বাবে শিক্ষার্থীৰ লগতে অভিভাৱকসকলে যথেষ্ট সকাহ লাভ কৰিছে ৷
উল্লেখ্য যে বিগত জুন মাহৰ মাজভাগত প্রচণ্ড গৰমৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত শিক্ষার্থীকে ধৰি ১৫জন লোকৰ মৃত্যু হৈছিল৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ এক সূত্রহ বৃহস্পতিবাৰে সদৰী কৰা অনুসৰি শাওণ মাহ আৰম্ভ হোৱাৰ পাছতো ৰাজ্যত স্বাভাৱিকতকৈ প্রায় ৪০ শতাংশ বৰষুণ কম হৈ আছে৷ যাৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্রা৷ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ বিপৰীতে ফৰকাল হোৱাৰ সমান্তৰালভাৱে বৰষুণৰ পৰিমাণ কম হোৱাত সূর্য দেৱতাই ৰুদ্র মূর্তি ধাৰণ কৰিছে৷
বিগত কেইবাদিনো ধৰি গুৱাহাটী, তেজপুৰ, ডিব্রুগড়, উত্তৰ লখিমপুৰ, ধুবুৰীকে ধৰি বিভিন্ন চহৰ–নগৰৰ সর্বাধিক তাপমাত্রা স্বাভাৱিককৈ ৫ ডিগ্রী চেলছিয়াছ পর্যন্ত হৈ ৩৭ ডিগ্রী চেলছিয়াছৰো অধিক হোৱা পৰিলক্ষিত হয়৷ অৱশ্যে ইয়াৰ মাজতে দক্ষিণ–পশ্চিম মৌচুমী বায়ুৰ প্রভাৱত নাগালেণ্ড, মণিপুৰৰ কিছু কিছু সীমান্তৱর্তী ঠাই আৰু ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত বিগত কিছুদিনত মাজে–সময়ে বৰষুণ হৈ থকা বাবে সেই ঠাইসমূহত ৰাইজে গেলা গৰমৰ পৰা কিছু সকাহ লাভ কৰিছে৷ আনকি বায়ুমণ্ডলৰ আর্দ্রতাৰ তাৰতম্যৰ বাবে ৩৬ ডিগ্রী চেলছিয়াছ তাপমাত্রাকো ৫২ ডিগ্রী চেলছিয়াছৰ দৰে উষ্ণতা অনুভূত হৈছে৷
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ সূত্রই সদৰী কৰা অনুসৰি আজিপর্যন্ত ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণৰ পৰিমাণ কমি অহাৰ ফলত তাপমাত্রা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ উদ্বেগজনকভাৱে তাপমাত্রা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্রা ৫ ডিগ্রী চেলছিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ কালি অসমকে ধৰি উত্তৰ–পূবৰ ভিতৰতে সর্বাধিক তাপমান আছিল গুৱাহাটী মহানগৰীত৷
গুৱাহাটীত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৭.৬ ডিগ্রী চেলছিয়াছ৷ যিটো স্বাভাৱিকতকৈ ৪.৩ ডিগ্রী চেলছিয়াছ অধিক আছিল৷ ডিব্রুগড় চহৰত স্বাভাৱিকতকৈ ৪.৭ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাই সর্বাধিক তাপমাত্রা হয় ৩৬.৯ ডিগ্রী চেলছিয়াছ৷ তেজপুৰত স্বাভাৱিকতকৈ ৪.৭ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাই সর্বাধিক তাপমাত্রা হয়গৈ ৩৭.০ ডিগ্রী চেলছিয়াছ৷ উত্তৰ লখিমপুৰত স্বাভাৱিকতকৈ ৪.৬ ডিগ্রী চেলছিয়াছ তাপমাত্রা বৃদ্ধি পাই হয়গৈ ৩৭.২ ডিগ্রী চেলছিয়াছ৷ এই সময়ছোৱাত উত্তৰ–পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সর্বাধিক তাপমাত্রা আছিল ২৭.৫ ডিগ্রী চেলছিয়াছ৷
তেনেদৰে নিশাৰ ভাগতো সর্বনিম্ন তাপমাত্রা ঠাহবিশেষে স্বাভাৱিকতকৈ ২ৰ পৰা ৪ ডিগ্রী চেলছিয়াছ পর্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে৷ বতৰ বিজ্ঞান কেন্দ্রৰ বিজ্ঞানীসকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে৷ সেয়েহে তাপমান ৩৬ ডিগ্রী চেলছিয়াছ হ’লেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ দৰে ৪৫ৰ পৰা ৫০ ডিগ্রী চেলছিয়াছৰ দৰে অনুভূত হয়৷ এনে পৰিস্থিতিত হিট ষ্ট’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মন কৰিবলগীয়া যে প্রকৃতিৰ ওপৰত হোৱা ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ–পূর্বাঞ্চলত পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷
কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ–পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূর্বৰ তুলনাত গৰমৰ প্রকোপ বৃদ্ধি পাইছে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই ২৬ জুলাইৰ পাছত ব্রহ্মপুত্র উপত্যকাৰ উপৰি মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ভূটান আৰু অৰুণাচল সীমান্তৱর্তী অঞ্চল, বৰাক উপত্যকাৰ কেতবোৰ অঞ্চলত গাজনি–ঢেৰেকনি, বজ্রপাতৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হ’ব পাৰে বুলি আগজাননী দিয়াৰ লগতে ইয়েল’ এলার্ট জাৰি কৰিছে ৷
আজাৰাৰ পৰা অমল কলিতাৰ প্ৰতিবেদন