নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NHM অসমত ২০২০টা চাকৰি : অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM), অসমে অ’জিলিয়াৰী নাৰ্চ মিডৱাইফ (ANM) আৰু কমিউনিটি হেল্থ অফিচাৰ (CHO) পদসমূহত নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই নিযুক্তিৰ অধীনত মুঠ ২০২০টা পদ উপলব্ধ, যাৰ বাবে আবেদনবোৰ NHM অসমৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইনত গ্ৰহণ কৰা হ’ব। এই নিযুক্তি চুক্তিভিত্তিক।

এনএইচএম, অসম নিযুক্তি ২০২৫ – মূল তথ্য

পদৰ নাম ANM
খালী পদৰ সংখ্যা ২০২০টা
নিযুক্তি সংস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM), অসম
শিক্ষাগত অৰ্হতা ANM Nursing Course উত্তীর্ণ
আবেদন প্ৰক্ৰিয়া অনলাইন
আবেদন আৰম্ভ ১৬ জুলাই, ২০২৫
আবেদন শেষ তাৰিখ ৫ আগষ্ট, ২০২৫

 

NHM অসম নিযুক্তি বিৱৰণ

পদৰ নাম :

  • ANM (অ’জিলিয়াৰী নাৰ্চ মিডৱাইফ)
  • CHO (কমিউনিটি হেল্থ অফিচাৰ)

মুঠ পদ : ২০২০টা পদ
বিভাগ : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম

বয়স সীমা :
২০২৫ চনৰ ১ জানুৱাৰী তাৰিখ অনুসৰি আবেদনকাৰীৰ বয়স ৪০ বছৰতকৈ অধিক হ’ব নালাগিব। যদিও

  • এছচি/এছটিৰ বাবে ৫ বছৰ
  • অ’বিচি/এমঅ’বিচিৰ বাবে ৩ বছৰ
  • শাৰীৰিকভাৱে অক্ষম (PwD)ৰ বাবে ১০ বছৰৰ বয়সৰ ৰেহাই দিয়া হ’ব।

ANM (অ’জিলিয়াৰী নাৰ্চ মিডৱাইফ)

  • মুঠ পদ : ১১৩৮টা
  • বেতন : মাহে ১৮,০০০ টকা
  • আৱশ্যকীয় অৰ্হতা : স্বীকৃত যিকোনো Nursing School/Institutionৰ পৰা ANM Nursing Course উত্তীর্ণ আৰু “Assam Nurses’ Midwives’ and Health Visitors’ Council”ৰ অন্তৰ্ভুক্ত ৰেজিষ্টাৰ্ড হ’ব লাগিব।

CHO (কমিউনিটি হেল্থ অফিচাৰ)

  • মুঠ পদ : ৮৮২টা
  • বেতন : মাহে ২৭,৫০০ আৰু প্ৰতিমাহে অধিকতৰ ১৫,০০০ টকা পৰ্যন্ত প্ৰদৰ্শন-ভিত্তিক প্ৰেৰণা (Performance-based Incentive)।
  • আৱশ্যকীয় অৰ্হতা :
    • B.Sc (Nursing) বা Post Basic B.Sc (Nursing)
    • Integrated Certificate Course in Community Health সহ
    • অথবা B.Sc. (Community Health) উত্তীর্ণ
    • আৰু Director of Medical Education, Assam দ্বাৰা ৰেজিষ্টাৰ্ড।

বিশেষ টোকা
আবেদনকাৰীয়ে নিজৰ Nursing College-ৰ Principalৰ পৰা “Community Health Certificate Course”-ৰ সম্পূৰ্ণতাৰ প্ৰমাণপত্ৰ Appendix I অনুসৰি সংগ্ৰহ কৰি জমা দিব লাগিব।

কেনেদৰে আবেদন কৰিব?

যোগ্য প্ৰাৰ্থীয়ে NHM অসমৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে নিজৰ ফটো, চহী আৰু আৱশ্যকীয় নথিপত্ৰ আপল’ড কৰিব লাগিব।

গুৰত্বপূৰ্ণ তাৰিখসমূহ

পদ বিজ্ঞপ্তি তাৰিখ আবেদন আৰম্ভ আবেদন শেষ
ANM ১৫ জুলাই ২০২৫ ১৬ জুলাই ২০২৫ ৩১ জুলাই ২০২৫
CHO ১৯ জুলাই ২০২৫ ২০ জুলাই ২০২৫ ৫ আগষ্ট ২০২৫

 

Application Form – Click here for online form

Official Notification for CHO – Click here

Official Notification for ANM – Click here

Official Website –  Click here

For Visit Niyomiya Barta Official WebsiteClick here

You might also like