বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি ঘোষণা কৰে যে ৰাজ্যখনত ‘বিহাৰ সাংবাদিক সন্মান পেন্সন আঁচনি’ৰ অধীনত স্বীকৃত সাংবাদিকসকলৰ পেন্সন বৃদ্ধি কৰা হ’ব।
সামাজিক মাধ্যম X-ত এটি পোষ্টৰ জৰিয়তে নীতিশ কুমাৰে কয়, “সকলো যোগ্য সাংবাদিকক প্ৰতি মাহে এতিয়ালৈকে দিয়া ৬,০০০ টকাৰ ঠাইত ১৫,০০০ টকা পেন্সন প্ৰদান কৰা হ’ব।”
ইয়াৰ উপৰি এই আঁচনিখনত অন্তৰ্ভুক্ত সাংবাদিকজনৰ যদি মৃত্যু ঘটে, তেন্তে তেওঁলোকৰ নিৰ্ভৰশীল পত্নীৰ বাবে প্ৰতিমাহে আগৰ ৩,০০০ টকাৰ ঠাইত আজীৱন ১০,০০০ টকা পেন্সন দিয়াৰ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ সদৰী কৰে।
मुझे यह बताते हुए खुशी हो रही है कि बिहार पत्रकार सम्मान पेंशन योजना के तहत अब सभी पात्र पत्रकारों को हर महीने 6 हजार रू॰ की जगह 15 हजार रू॰ पेंशन की राशि प्रदान करने का विभाग को निर्देश दिया है। साथ ही बिहार पत्रकार सम्मान पेंशन योजना के अंतर्गत पेंशन प्राप्त कर रहे पत्रकारों की…
— Nitish Kumar (@NitishKumar) July 26, 2025
তথ্য অনুসৰি, অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত একাধিক সমাজিক সুৰক্ষা আঁচনি ঘোষণা কৰিছে। জুলাই মাহৰ আগতেই বিহাৰ চৰকাৰে গৃহস্থ উপভোক্তাসকলৰ বাবে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগানৰো ঘোষণা কৰিছিল।
বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ বাবে হোৱা আৰ্থিক প্ৰভাৱ হ্ৰাস কৰিবলৈ, নীতিশ কুমাৰে কয় যে চৰকাৰে সৌৰ শক্তি প্ৰচাৰৰ বাবে দুটা আঁচনিৰ ঘোষণা কৰিছে, য’ত ছাদৰ ওপৰত সৌৰ পেনেল আৰু তাৰ লগত জড়িত সঁজুলি স্থাপনলৈ কেন্দ্ৰীয় চৰকাৰে ৫০% অনুদান প্ৰদান কৰিব।
এই ঘোষণা কৰি নীতিশ কুমাৰে কয়, “মই আনন্দিত যে ‘বিহাৰ সাংবাদিক সন্মান পেন্সন আঁচনি’ৰ অধীনত সকলো যোগ্য সাংবাদিকক ৬,০০০ টকাৰ ঠাইত ১৫,০০০ টকাৰ মাহিলি পেঞ্চন দিয়াৰ বাবে বিভাগক নিৰ্দেশ দিয়া হৈছে।”
Niyomiya Barta Desk, 26 July, 2025