নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষুণ নহ’লে ৰাজ্যত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব খৰাং

🔹 ক্ষতিগ্রস্ত কৃষকে লাভ কৰিব প্রধানমন্ত্রী ফচল বীমা যোজনা–এছডিআৰএফৰ সুবিধা

বিশেষ বাৰ্তা, ২৬ জুলাই : গোলকীয় উষ্ণতা–জলবায়ু পৰিৱর্তন সম্প্রতি পৃথিৱী গ্রহৰ বাবে এক বিৰাট প্রত্যাহ্বান হৈ পৰিছে৷ অসমতো পৰিছে ইয়াৰ বিৰূপ প্রভাৱ৷ অনাবৃষ্টি–অতিবৃষ্টি–ঊৰ্ধ্বমুখী পাৰাস্তম্ভই ৰাজ্যত এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ চলিত বছৰটোৱে ইয়াৰ প্রমাণ৷

সাধাৰণতে অসমত প্রতি বছৰে জুলাই মাহত যথেষ্ট বেছি বৰষুণ হয়৷ কিন্তু এইবাৰ জুলাই মাহ শেষ হ’বলৈ মাজত মাত্র কেইটামান দিন আছে যদিও বৰষুণৰ পৰিমাণ তেনেই কম৷ আনকি স্বাভাৱিকতকৈ ৬০ৰ পৰা ৮০ শতাংশ পর্যন্ত বৃষ্টিপাত হ্রাস পাইছে৷ পৰিণতিত উদ্ভৱ হৈছে খৰাংসদৃশ পৰিস্থিতি৷ বৰষুণৰ অভাৱত খেতিপথাৰত ছিঁৰাল ফাট মেলাত কঠীয়া সিঁচিব তথা ভূঁই ৰুব নোৱাৰি কৃষকসকলে মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ এইবাৰৰ এনে প্রাকৃতিক দুর্যোগে কৃষি নির্ভৰশীল অসমৰ অর্থনীতি বিপর্যস্ত কৰাৰ আশংকা প্রকট৷

খৰাংসদৃশ পৰিস্থিতি সন্দর্ভত ডিব্রুগড়ত সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূর্ণ মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয়– খৰাং পৰিস্থিতিৰ ওপৰত আমি নজৰ ৰাখি আছোঁ৷ সাধাৰণতে অসমত আগষ্ট মাহলৈকে আমি কঠীয়া পাৰিব পাৰোঁ৷ আমাৰ ‘বীণা–১১’ নামৰ ধানৰ এটা প্রজাতি আছে৷ যাৰ দ্বাৰা তিনি মাহত ধান উৎপাদন হ’ব পাৰে৷ সেইবাবে আমি পৰিস্থিতিটো নজৰত ৰাখিছোঁ৷ যদি বৰষুণ নাপাওঁ, তেতিয়াহ’লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব৷ আমি ইতিমধ্যে তাৰ প্রস্তুতিও কৰি ৰাখিছোঁ৷ খৰাং ঘোষণা হ’লে প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু ৰাজ্যিক দুর্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা কৃষকসকলক ৰাজ্য চৰকাৰে সহায় কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

উল্লেখ্য যে অস্বাভাৱিকভাৱে বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত ৰাজ্যৰ ৩৫খন জিলাৰ ২৭খনতে ঠায়ে ঠায়ে খৰাংসদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এই ২৭ জিলাৰ ১৪খনত বৃষ্টিপাত বেছিকৈ হ্রাস পোৱাৰ বিপৰীতে আন ১৩খনত ঘাটি হৈছে বৰষুণ৷ বিশেষকৈ কামৰূপ (মহানগৰ), কামৰূপ, ধুবুৰী, নলবাৰী, বৰপেটা, বঙাইগাঁও আৰু দৰং জিলাত এইবাৰ স্বাভাৱিকতকৈ ৬০ৰ পৰা ৮০ শতাংশ পর্যন্ত বৰষুণ কম হৈছে৷ ইয়াৰ পৰিৱর্তে চলিত বর্ষৰ বাৰিষা কালত স্বাভাৱিকতকৈ ৫ ডিগ্রী চেলছিয়াছলৈ ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্রা৷ আনকি বায়ুমণ্ডলত আর্দ্রতাৰ তাৰতম্যৰ ফলত ৩৬ ডিগ্রী চেলছিয়াছ তাপমাত্রাতো ৫২ ডিগ্রী চেলছিয়াছৰ উষ্ণতা অনুভূত হৈছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমত শেতহীয়া খৰাংসদৃশ পৰিস্থিতিক লৈ পৰহি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিছিল ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্তই৷ বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক দেখা কৰি মন্ত্রী মহন্তই ৰাজ্যৰ বহুকেইখন জিলাত উদ্ভৱ হোৱা খৰাংসদৃশ পৰিস্থিতিৰ বিষয়ে অৱগত কৰি এইক্ষেত্রত কেন্দ্রীয় চৰকাৰক সহায়ৰ বাবে আর্জি জনায়৷ সাক্ষাৎকালত ৰাজহ মন্ত্রীগৰাকীয়ে অসমত এইবাৰ অনিয়মিত আৰু অতি কম বৰষুণৰ বাবে কেইবাখনো জিলাৰ কৃষিক্ষেত্র বর্তমান ভয়াৱহ খৰাংসদৃশ পৰিস্থিতিৰ কবলত পৰাৰ ফলত জীৱিকা আৰু খাদ্য সুৰক্ষাৰ দিশটো বেয়াকৈ ক্ষতিগ্রস্ত হোৱাৰ আশংকাই দেখা বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ দৃষ্টিগোচৰ কৰে৷ বিশেষকৈ নামনি অসমকে ধৰি উজনি আৰু মধ্য অসমৰ বহুকেইখন জিলাত চলিত বাৰিষাৰ বতৰত অতি অনিয়মীয়া আৰু স্বাভাৱিক হাৰৰ তুলনাত অত্যন্ত কমকৈ বৰষুণ হোৱাৰ ফলত খেতিপথাৰসমূহত ধানখেতিৰ বাবে পানীৰ অভাৱ ঘটা বুলি তেওঁ কেন্দ্রীয় গৃহমন্ত্রীক অৱগত কৰিছিল৷ ৰাজ্যৰ কৃষিক্ষেত্রত খৰাংসদৃশ পৰিস্থিয়ে দেখা দিবলৈ লোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্যিক দুর্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ) শিতানৰ পৰা অসমক কেন্দ্রীয় সহায়তা আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক ৰাজ্যৰ ৰাজহ মন্ত্রীগৰাকীয়ে অনুৰোধ কৰে৷

সাক্ষাৎকালত এই সন্দর্ভত মন্ত্রী মহন্তই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ হাতত এখন পত্রও অর্পণ কৰে৷ অসমৰ শেহতীয়া খৰাংসদৃশ পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই বিষয়টো কেন্দ্রীয় চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস দিছে৷

You might also like