নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওঘৰত শোকাৱহ ঘটনা : বাছ-ট্ৰাকৰ সংঘৰ্ষত ১৮ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু

পুৱা প্ৰায় ৪-৫ বজাৰ সময়ত দেওঘৰৰ পৰা বাসুকীনাথলৈ যোৱা ৩২ চীটাৰ এখন বাছ অনিয়ন্ত্ৰিত হৈ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ ঘটে আৰু তাৰ পিছতেই ই ইটাৰে ভৰ্তি এটা ঠাইত খুন্দা মাৰে।

ঝাৰখণ্ডৰ দেওঘৰত আজি পুৱা এটা শোকাৱহ দুৰ্ঘটনা ঘটিছে। দেওঘৰৰ মোহনপুৰ প্ৰখণ্ডৰ জামুনিয়া চকত এখন বাছ আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ ঘটে। এই সংঘৰ্ষত ১৮গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয় আৰু বহু লোক আহত হয়। সংঘৰ্ষটো ইমান ভয়াৱহ আছিল যে বাছখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে।

আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাই আছে। বাছখন বাবা বৈদ্যনাথ মন্দিৰলৈ পূজাৰ বাবে গৈ আছিল। সূত্ৰৰ মতে, চালকৰ টোপনিৰ ফলত এই দুৰ্ঘটনা ঘটিছে।

পুৱা প্ৰায় ৪-৫ বজাৰ সময়ত দেওঘৰৰ পৰা বাসুকীনাথলৈ যোৱা ৩২ চীটাৰ এখন বাছ অনিয়ন্ত্ৰিত হৈ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ ঘটে আৰু তাৰ পিছতেই ই ইটাৰে ভৰ্তি এটা ঠাইত খুন্দা মাৰে।

মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ শোক প্ৰকাশ
এই দুৰ্ঘটনাৰ বিষয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে শোক প্ৰকাশ কৰি ছচিয়েল মিডিয়াত লিখিছে— “আজি পুৱা দেওঘৰৰ মোহনপুৰ প্ৰখণ্ডৰ জামুনিয়া চকত হোৱা বাছ দুৰ্ঘটনাত বহু তীৰ্থযাত্ৰীৰ মৃত্যুৰ বেদনাদায়ক খবৰ পাইছোঁ। জিলা প্ৰশাসনে উদ্ধাৰ আৰু চিকিৎসা সেৱা আগবঢ়াই আছে।” তেওঁ লগতে লিখিছে— “বাবা বৈদ্যনাথে এই দুৰ্ঘটনাত নিহত হোৱা তীৰ্থযাত্রীসকলৰ আত্মাৰ শান্তি কামনা কৰক আৰু শোকাকুল পৰিয়ালক এই দুখৰ সময়ত সহ্যশক্তি প্ৰদান কৰক।”

Niyomiya Barta desk, 29 july, 2025

You might also like