বড়ো ৰাজনীতি-ৰ ৰেহৰূপ : প্রমোদ বড়ো নেতৃত্বাধীন বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বিটিচি)ৰ কার্যকাল শেষ হ’বলৈ মাজত মাথোঁ চাৰি মাহ আছে৷ সংবিধানৰ সংশোধিত ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনক লৈ ইতিমধ্যে বড়োভূমিত ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ বিজেপিৰ স’তে ৰাজনৈতিক মিত্রতা আছে যদিও আগন্তুক বিটিচি নির্বাচনত দুয়োটা দলে সুকীয়া সুকীয়াকৈ নির্বাচনী যুঁজ দিয়াৰ কথা ঘোষণা কৰিছে
এনে পৰিস্থিতিত বিটিচি নির্বাচনত বিজেপি আৰু ইউপিপিএল দলে ৰাজনৈতিক মিত্রতা সত্ত্বেও নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ বিটিচি নির্বাচনৰ তৎপৰতা চলি থকাৰ সময়তে বিপিএফৰ নেতা হাগ্রামা মহিলাৰীয়ে বিজেপি আৰু ইউপিপিএলৰ স’তে নির্বাচনী মিত্রতা গঢ়িবলৈ আগ্রহ ব্যক্ত কৰিছে৷ বড়োভূমিৰ ৰাজনীতি বিপিএফৰ মূল প্রতিদ্বন্দ্বী হ’ল ইউপিপিএল৷ সুদীর্ঘ ১৭ বছৰে বিটিচিৰ ক্ষমতাত থকা দলটোৱে বিগত পাঁচ বছৰত বড়োভূমিৰ ক্ষমতাই নহয়, ৰাজ্য চৰকাৰৰ ক্ষমতাও হেৰুৱাইছে৷
বিটিচিত ইউপিপিএল দলৰ ৰাজনৈতিক উত্থানত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে বিপিএফ দল৷ ক্ষমতা হেৰুৱাই হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৰ অধিকাংশ নেতাই ইউপিপিএল আৰু বিজেপিত যোগদান কৰিছে৷ ২০০৩ৰ ফেব্রুৱাৰীত বিটিচি চুক্তি স্বাক্ষৰৰ পাছতে বড়ো ৰাজনীতিক বিশেষ মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে৷ বিটিচি চুক্তিৰ পাছতে হাগ্রামা মহিলাৰীৰ নেতৃত্বত ২০০৫ৰ ১২ ফেব্রুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত এক ৰাজনৈতিক অভিৱর্তনযোগে গঠন হৈছিল বিপিপিএফ দল৷
বিটিচিৰ প্রথম নির্বাচনৰ সময়তে হাগ্রামা মহিলাৰী আৰু এবছুৰ নেতৃত্বকেন্দ্রিক অন্তঃকন্দলৰ বাবে দলটো দুটা গোটত বিভক্ত হৈছিল আৰু নির্বাচনৰ পাছত ২০০৬ চনৰ ৫ ডিচেম্বৰত এবছুৰ নেতৃত্বক এলাগী কৰি হাগ্রামা মহিলাৰীয়ে গঠন কৰিছিল বিপিএফ দল৷ বড়োসকলৰ আত্মনিয়ন্ত্রণৰ দীর্ঘকালীন সংগ্রামখনৰ নেতৃত্ব বহন কৰা এবছুক কার্যতঃ বড়ো ৰাজনীতিৰ পৰা এঘৰীয়া কৰাৰ বাবে হাগ্রামা মহিলাৰীয়ে অভিযানত নামি পৰিছিল৷ হাগ্রামা মহিলাৰীৰ এনে স্থিতিৰ পোটক ল’বলৈ ২০১৫ৰ ৫ আগষ্টত প্রমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দল গঠন হৈছিল৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে ২০১৬লৈকে কংগ্রেছৰ স’তে মিত্রতা কৰাৰ বিপৰীতে ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিৰ স’তে ৰাজনৈতিক মিত্রতা স্থাপনৰ জৰিয়তে দিছপুৰৰ ক্ষমতাৰ সোৱাদ পুনৰ লাভ কৰিবলৈ সক্ষম হ’লেও ২০২০ৰ বিটিচি নির্বাচনত আকাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে বিজেপিৰ স’তে নির্বাচনী মিত্রতাৰ জৰিয়তে বড়ো ৰাজনীতিত পট পৰিৱর্তন ঘটাবলৈ সক্ষম হৈছে৷
বড়ো ৰাজনীতি এতিয়া প্রমোদ বড়ো আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন দল দুটাৰ মাজত বিভক্ত৷ দুয়োটা দলে বড়ো জাতীয়তাবাদী দল৷ দুয়োটা দলৰে বিটিআৰৰ অন্তর্গত পাঁচ জিলাত বসবাস কৰা ৩৫ লাখ লোকৰ মাজত সাংগঠনিক ভেটি আছে৷ বিগত বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ, প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আৰু বিজেপিয়ে সুকীয়াকৈ নির্বাচনী যুঁজ দিছিল যদিও কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে৷ বিটিচিৰ ৪০খন আসনৰ সর্বাধিক আসন বিপিএফে লাভ কৰিছিল যদিও বিজেপিৰ সহযোগত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল ক্ষমতাত অধিষ্ঠিত হৈছিল৷ আগন্তুক বিটিচি নির্বাচনত সুকীয়াকৈ নির্বাচনী যুঁজত অৱতীর্ণ হ’লেও বিজেপি আৰু ইউপিপিএলৰ মিত্রতা অব্যাহত আছে৷
এনে পৰিস্থিতিত ৰাজনৈতিকভাৱে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে হাগ্রামা মহিলাৰী৷ কিয়নো বিজেপিয়ে নির্বাচনী মিত্রতাৰ প্রস্তাৱলৈ সঁহাৰি নিদিলেও মহিলাৰীয়ে কোনো কাৰণতে কংগ্রেছৰ স’তে মিত্রতা কৰি ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে৷ বিজেপিৰ বিৰোধিতা কৰিও বিটিচিৰ ক্ষমতাত অধিষ্ঠিত হোৱাটো মহিলাৰীৰ বাবে সহজসাধ্য নহয়৷ ২০২০ৰ বিটিচি নির্বাচনত ক্ষমতা দখলৰ জোখাৰে প্রয়োজনীয় সংখ্যাতকৈ দুজন সদস্যহে কম আছিল মহিলাৰী নেতৃত্বাধীন দলটোৰ৷ দলটোৱে কোকৰাঝাৰ জিলাৰ ১২খন আসনৰ ৯খন আৰু চিৰাং জিলাৰ ৭খন আসনৰ ৫খনেই লাভ কৰিছিল৷
কিন্তু ক্ষমতাচ্যুত হোৱাৰ পাছত ইয়াৰে কেইবাজনো নির্বাচিত সদস্য হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটো ত্যাগ কৰি ইউপিপিএল আৰু বিজেপিত যোগদান কৰিছিল৷ পৰৱর্তী সময়ছোৱাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্রাক্তন মন্ত্রী চন্দন ব্রহ্ম, বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য খাম্পা বৰগয়াৰীকে ধৰি বিপিএফৰ কেইবাজনো নেতাই হাগ্রামা মহিলাৰীৰ সংগ ত্যাগ কৰাৰ ফলত এসময়ৰ প্রভাৱশালী বড়ো নেতাজনৰ ৰাজনৈতিক গুৰুত্ব বহু পৰিমাণে হ্রাস হৈছে৷ শেহতীয়াকৈ মহিলাৰীয়ে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ স’তে নির্বাচনী মিত্রতা গঢ়াৰ আগ্রহ ব্যক্ত কৰিছে৷ বিপিএফ আৰু ইউপিপিএল ঐক্যবদ্ধ হ’লে বিটিচিত কোনো ৰাজনৈতিক শক্তিয়ে তলাব নোৱাৰে বুলিও মহিলাৰীয়ে দাবী কৰিছে৷
এইক্ষেত্রত এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু খাম্পা বৰগয়াৰীয়ে মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰা বুলিও একাংশ সংবাদ মাধ্যমত চর্চা চলিছে৷ কিন্তু হাগ্রামা মহিলাৰীৰ এনে মিত্রতাৰ প্রস্তাৱৰ কোনো বাস্তৱ ভিত্তি নাই বুলি ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে দাবী কৰিছে৷ বিটিচিৰ মুৰব্বীগৰাকীয়ে এই অভিযোগো কৰিছে যে হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক স্থিতি থৰক–বৰক৷ বড়ো ৰাজনীতিত হাগ্রামা মহিলাৰীৰ প্রভাৱ ক্রমাগতভাৱে হ্রাস হৈছে৷ বিগত পাঁচ বছৰত বিভিন্ন দুর্যোগৰ সন্মুখীন হৈছে মহিলাৰী৷ এনে পৰিস্থিতিতো বিপিএফৰ প্রতি বিটিআৰৰ ভোটদাতাৰ আস্থা আৰু বিশ্বাসৰ খতিয়ান নিৰূপণ হ’ব আগন্তুক বিটিচি নির্বাচনত৷