নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ জুলাই, শাওণ মাহৰ ১৩ তাৰিখ
বুধবাৰঃ তিথি–শুক্লা ষষ্ঠী, নক্ষত্রঃ হস্তা, যাত্রাঃ শুভ

মেষঃ পুৰণা কেছ–মোকর্দমাত জয় হ’ব৷ আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব৷ শুভ ৰং বেঙুনীয়া৷

বৃষঃ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ পুৰণা ৰোগত ভোগাসকলে কষ্ট পাব৷ সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব৷ শুভ ৰং বগা৷

মিথুনঃ আজি আপোনাৰ বাবে আনন্দপূর্ণ দিন৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব৷ হাতলৈ টকা–পইচা আহিব৷ শুভ ৰং হালধীয়া৷

কর্কটঃ অনাৱশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়৷ সহায় কৰি প্রতিদান নল’ব৷ কর্মত বাধা দেখা যায়৷ ব্যৱসায়ত শুভ৷ শুভ ৰং গেৰুৱা৷

সিংহঃ পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল পাব৷ হাত–ভৰিত আঘাত পাব পাৰে৷ আনৰ পৰা আর্থিক সহায় পাব৷ শুভ ৰং বগা৷

কন্যাঃ চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে৷ সন্তানৰ অপকর্মৰ বাবে সন্মান হানি হোৱাৰ ভয়৷ শুভ ৰং হালধীয়া৷

তুলাঃ আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ শৰীৰ অসুস্থ হোৱাৰ ভয়৷ সন্তানৰ ভাল কামে আনন্দ দিব৷ শুভ ৰং নীলা৷

বৃশ্চিকঃ প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ সম্বন্ধীয় ব্যক্তিৰ দুখৰ খবৰ শুনিব পাৰে৷ শুভ ৰং আকাশী নীলা৷

ধনুঃ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব৷ যিকোনো কামৰ সুফল লাভ কৰিব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ সন্তানৰ ভাল কামে মনত আনন্দ দিব৷ শুভ ৰং গুলপীয়া৷

মকৰঃ ব্যৱসায়ত লাভ কৰিব পাৰিব৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ শিক্ষার্থীৰ বাধা আহিব পাৰে৷ শুভ ৰং গেৰুৱা৷

কুম্ভঃ আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়৷ ব্যৱসায়ীসকলে টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ শুভ ৰং বেঙুনীয়া৷

মীনঃ বিদ্যার্থীসকলৰ বাবে শুভদিন৷ চাকৰিপ্রত্যাশীসকল ভাল খবৰ আহিব পাৰে৷ সন্তানৰ শুভ৷ শুভ ৰং বগা৷

You might also like